চৰাইদেউত চৰাইদেউ জিলা কবিসন্মিলনৰ উদ্যোগত পৃথিৱী কবি ৰাম গগৈ স্মৃতি দিৱস উদ্ যাপন।

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত চৰাইদেউ জিলা কবি সন্মিলনৰ উদ্যোগত তথা বৰহাট, সাপেখাতী, ভজো,সোণাৰি, মাহমৰা,মৰাণ,

নিজখালৈঘোগোৱা,লাকুৱা,

চৰাইদেউ সন্মিলিত কবি চক্ৰৰ সহযোগত পৃথিৱী কবি ৰাম গগৈ স্মৃতি দিৱসটি সোণাৰি মহিলা সমিতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।এই উপলক্ষে ৰাম গগৈ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,বন্তি প্ৰজ্জ্বল কৰে চৰাইদেউ জিলা কবি সন্মিলনৰ উপদেষ্টা ৰাতুল কুমাৰ চেতিয়া ফুকনে।

চৰাইদেউ জিলা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ইন্দিৰা ফুকন কাকতিৰ পৌৰোহিতিত্বত মুকলি সভা অনুষ্ঠিত হয়।চৰাইদেউ জিলা কবি সন্মিলনৰ সম্পাদক ৰুস্তম গগৈয়ে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰে সোণাৰি পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যাক্ষা তথা কবি নিবেদিতা ফুকনে।আনহাতে অনুষ্ঠানৰ আৰম্ভনিতে বৰহাট কল্পদ্ৰুম কবি চক্ৰৰ পত্ৰিকা সম্পাদিকা অমলা গগৈ, নিজখালৈঘোৰা শাখাৰ সম্পাদিকা মৌচুমী সোণোৱাল ফুকন আৰু সোণাৰি শাখাৰ সম্পাদিকা পদ্মজা ফুকন শইকীয়াই ৰাম গগৈ পথাৰ কবিতাটি সমুহীয়াকৈ আবৃত্তি কৰে।

সভাত নিৰ্দিষ্ট বক্তৃতা হিচাবে অংশগ্ৰহণ কৰি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী তথা বিশিষ্ট কবি আবৃত্তিকাৰ জুলিৱানা বগমে ৰাম গগৈ জীৱন প্ৰৰিক্ৰমা,সৃষ্টিৰাজি ,কাব্য জগতৰ অৱদান সন্দৰ্ভত বিস্তৃত ভাবে ভাষণ আগবঢ়ায়। বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে সোণাৰি পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মণি গগৈ,চৰাইদেউ জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি সিদ্ধাৰ্থ দত্ত।আনহাতে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক কাৰ্ত্তীক চন্দ্ৰ তালুকদাৰ সঞ্চালনাত অনুষ্ঠিত পথাৰৰ বুকুত সেউজীয়া কবিতাৰ আবেলি শীৰ্ষক কবি সন্মিলনত ডিব্ৰুগড়, চৰাইদেউৰ প্ৰায় একুৰি কবিয়ে কবিতা পাঠ কৰি এক জীপালময় কৰি তোলে।তদুপৰি কবিতা পাঠৰ অনুষ্ঠানতে সাপেখাতী শাখা কবি চক্ৰৰ সম্পাদিকা মনালিছা বড়া বৰুৱাৰ "জীৱন বাটৰ খোজ"শীৰ্ষক গ্ৰন্থ খন বিশিষ্ট আবৃত্তিকাৰ জুলিৱানা বেগমে উন্মোচন কৰে।