শিৱসাগৰ প্ৰেছ ক্লাৱত আম আদমি পাৰ্টি সংবাদমেল

শিৱসাগৰত প্ৰেছ ক্লাবত শুকুৰবাৰে আম আদমি পাৰ্টিয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শিৱসাগৰ জিলাৰ শিক্ষাখণ্ডৰ আন্তঃগাথঁনি বিধ্বস্ত হৈ আছে যদিও ৰাজ্য চৰকাৰ নীৰৱ দৰ্শক হৈ আছে বুলি ক্ষোভ প্ৰকাশ আপৰ। আম আদমী পাৰ্টিৰ সদস্য সকলে চৰজমিন তদন্ত কৰাত বিধ্বস্ত ছবি খন স্পষ্ট হৈ পৰা বুলি দাবী। দিল্লীৰ কেৰজিৱাল চৰকাৰক সমালোচনা কৰাৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ বিদ্যালয় সমূহ উন্নত কৰক। সংবাদমেলত আপৰ মন্তব্য।‌ স্মাৰ্ট ক্লাছৰ নামতো অসম চৰকাৰে আভুৱা ভৰাৰ অভিযোগ। চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ ফলত বিদ্যালয় সমূহ বন্ধ কৰিবলগীয়া হোৱা দৃশ্যই অসমৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিয়া বুলিও সমালোচনা আপৰ । সংবাদমেলত আপৰ জিলা সমন্বয়ক ৰূপম বৰগোঁহাই, কাৰ্যবাহী সদস্য বিদুৎ গগৈ, সমষ্টিৰ আহ্বায়ক দেবেন্দ্ৰ নাথ বৰাকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে |