টিংখাঙৰ ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুক্ৰবাৰে অসম আৰক্ষীৰ ডিব্ৰুগড় জিলাৰ আন্তঃআৰক্ষী থানা ফুটবল টনাৰ্মেণ্টত অনুষ্ঠিত হয়। আন্তঃআৰক্ষী থানা ফুটবল টনাৰ্মেণ্ট খেলখনি টিংখাং আৰক্ষী থানা দল বনাম খোৱাং আৰক্ষী থানা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। খেলখনত খোৱাং আৰক্ষী থানা ফুটবল দলে টিংখাং আৰক্ষী থানা ফুটবল দলক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে । উক্ত খেলত মৰাণ আৰক্ষী চক্ৰ পৰিদৰ্শক ,টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ,টিংখাং মহাবিদ্যালয় প্ৰতিষ্ঠিত তথা প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মহন,টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,বৰবাম আৰু ৰাজগড়ৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়াসহ অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।