সোণাৰি নগৰ আৰু চফ্ৰাই মণ্ডল বিজেপি কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সোণাৰি নগৰ মণ্ডলৰ লগতে চফ্ৰাই মণ্ডল ৰ "স্থায়ী মণ্ডল কাৰ্যালয় গৃহ"টিৰ আজি আধাৰশিলা স্থাপন কৰা হয়। সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মণ্ডল কাৰ্যালয় গৃহটিৰ আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভণি কৰা হয় আনুষ্ঠানিকভাৱে। এই উদ্দেশ্যে পৃথকে অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দ্বয় কাজল দে, দিলীপ কোঁৱৰ, সোণাৰি জিলা পৰিষদৰ সদস্যা জীনু কোঁৱৰ, চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙ, অবিচি উন্নয়ন ব'ৰ্ডৰ চৰাইদেউ জিলা সভাপতি ৰাজেন গগৈ, যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ কোঁৱৰ, সোণাৰি নগৰ মণ্ডল বিজেপিৰ সভাপতি অভিজিৎ চেলেঙৰ লগতে দলীয় কাৰ্যৰ্কতাসকল উপস্থিত আছিল ৷