গৰুখুটি-ধলপুৰৰ ওচৰতে থকা কিৰাকাৰা চাপৰি পৰিদৰ্শন স্থানীয় প্ৰশাসনৰ।

শনিবাৰে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু স্থানীয় ভাৰপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়াগৰাকীসহ এটি প্ৰশাসনীয় দলে পৰ্যবেক্ষণ কৰে কিৰাকাৰ চাপৰি অঞ্চলটো।

ইয়াৰে হেজাৰ হেজাৰ বিঘা পি,জি,আৰ/ভি,জি,আৰ, ভূমি অবৈধ বেদখল কৰি আছে সন্দেহযুক্ত লোকে।

এই মাটিসমুহ উদ্ধাৰ কৰি কৃষিকৰ্মৰ জড়িয়তে খিলঞ্জীয়া লোকৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি মন্তব্য কৰে বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ।