সোণাৰিত দলব্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত পাঁচ অভিযুক্তক জেললৈ প্ৰেৰণ

সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক চাহ বাগিচাত সংঘটিত হৈছে এক জঘন্য ঘটনা। পাঁচ পাষণ্ডই ধৰ্ষণ কৰিলে এগৰাকী ষোল্ল বছৰীয়া যুৱতীক। ঘটনাৰ বিৱৰণী মতে সোণাৰিৰ টিঙ্গালীবাম চাহ বাগিচাৰ ভুক্তভোগী যুৱতীগৰাকীয়ে কালি নামতোলাৰ লাহদৈগড়স্থিত বায়েকৰ ঘৰতলৈ ফুৰিব আহিছিল। কিন্তু ৰাতি প্ৰায় চাৰে দহমান বজাত টাওকাক চাহ বাগিচাৰ গাওঁৰক্ষী বাহিনীয়ে যুৱতীগৰাকীক মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি সোধপোছ কৰাত পাঁচটা পাষণ্ডই অপকৰ্ম কৰা বুলি যুৱতী গৰাকীয়ে সদৰি কৰে। পৰৱৰ্তী সময়ত নামতোলা আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে জঘন্য কাণ্ডটোৰে জড়িত আটাইকে আটক কৰিবলৈ সক্ষম হয়। আজি অভিযুক্ত কেইটাক আদালতত হাজিৰ কৰোৱাত পাঁচ পাষণ্ডক আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে।

আটকাধীন পাষণ্ড কেইটা হ'ল ক্ৰমে গোপাল মূড়া, প্লানটুকা ওৰাং, সোনটো গগৈ, লেড়িয়া সৰকাৰ আৰু নিৰ্মল এক্কা। ইফালে এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু উত্তেজনা সৃষ্টি কৰিছে।