ধেমাজি, ৩০জুলাই:

ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিগৰ্ত বৰ্ষৰ দৰে এইবাৰো সদৌ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুলত শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক সকল বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে ,

ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৰুনজ্যোতি চেতিয়াই সভাপতিত্ব কৰা বিশেষ অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ , ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ,মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ, ধেমাজি পৰমানন্দ একাডেমিৰ অধ্যক্ষ,

লগতে ছাত্ৰ-সন্থাৰ বিষয়ববীয়া সকলৰ উপস্থিতিত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয় সমূহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টংচন, ষ্টাৰ আৰু উচ্চতৰ মাধ্যমিক ক'লা, বানিজ্য, বিজ্ঞান শাখাৰ চুড়ান্ত বৰ্ষ পৰীক্ষাত ডিষ্টিংচন মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়,

আঞ্চলিক ছাত্ৰ সন্থাই আয়োজিত কৰা বিশেষ অভিনন্দন অনুষ্ঠানত দুই শতাধিক মেধাৱী ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনাই ছাত্ৰ সন্থাৰ বিষয়ববীয়া ।।