উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুনাচল প্ৰদেশৰ নাহৰলগুণ আৰু ইটানগৰত সঘনাই সংঘটিত হৈ থকা চুৰি কান্ডৰ লগত জড়িত এটা চোৰ চক্ৰ আৰক্ষীৰ হাতত ধৰা পৰিছে ৷ অলপতে নাৰায়ণপুৰ থানাৰ অন্তৰ্গত ভোগপুৰ এটিএমত সংঘটিত চুৰি কান্ডৰ কেচ নম্বৰ 50/22 U/S 457/380/427 IPC অধীনত আৰক্ষীয়ে অনুসন্ধান চলাই উত্তৰ অসমত সক্ৰিয় এটা চোৰৰ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ নাৰায়ণপুৰৰ এটিএম চুৰিকান্ডৰ লগত নাহৰলগুণত সংঘটিত এটা এটিএম চুৰি কাৰ্যৰ সাদৃশ্যৰ ভিত্তিত দুয়োখন ৰাজ্যৰ লখিমপুৰ আৰক্ষী অধীক্ষক আৰু নাহৰলগুণ আৰক্ষী অধীক্ষক পৰ্যায়ত অনুসন্ধান চলাই নাহৰলগুণৰ এটা ভাড়াঘৰৰ পৰা লখিমপুৰৰ চাদিক আলিৰ লগতে মহম্মদ ছহিদুল আলি , ৰাজস্থানৰ আৰচাদ খান আৰু ৰুকুমুদ্দিন খান , চিৰাং জিলাৰ মহম্মদ নবীন ইছলাম , হাৰিয়ানাৰ ৰাহুল খান আৰু মহম্মদ জাহিদ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চক্ৰটোৰ সৈতে জড়িত আন দুই চোৰ ক্ৰমে লালুকৰ থানাৰ অন্তৰ্গত মুস্তাফিজুৰ ৰজমান আৰু জেইদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইতিপুৰ্ৱে ৯ টা চোৰ আৰক্ষীৰ জালত পৰিছে যদিও চোৰ চক্ৰটোৰ লগত আৰু বহুকেইটা চোৰ জড়িত থকাৰ সন্দেহত সোধাপোচা অব্যাহত ৰাখিছে যাৰবাবে আৰক্ষী অধিক তথ্য প্ৰকাৰ পৰা বিৰত আছে ৷ উল্লেখ্য যে ৰাজস্থান আৰু হাৰিয়ানাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কেউটা চোৰ লগলাগি উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুনাচল প্ৰদেশৰ ইটানগৰ নাহৰলগুণ আদি ঠাইত এটিএম চুৰিৰ লগতে গাড়ী চুৰি আদি অপৰাধমুলক কাৰ্য সংঘটিত কৰি আহিছে ৷ সম্প্ৰতি কেউটা চোৰক নাৰায়ণপুৰ থানাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে সোধাপোচা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Network18-TV18 Mega Merger: विलय के बाद Network18 देश का सबसे बड़ा News Media Powerhouse होगा |
Network18-TV18 Mega Merger: विलय के बाद Network18 देश का सबसे बड़ा News Media Powerhouse होगा |
કામરેજ તાલુકામાં લૂંટની ઘટના બની
કામરેજ તાલુકામાં લૂંટની ઘટના બની
BANASKANTHA # Deesa#ડીસા જુના ડીસા ધરપડા પાટીયા પાસે આઈસર અને ટ્રેક્ટર વચ્ચે અકસ્માત સર્જાયો
BANASKANTHA # Deesa#ડીસા જુના ડીસા ધરપડા પાટીયા પાસે આઈસર અને ટ્રેક્ટર વચ્ચે અકસ્માત સર્જાયો
राशन विक्रेता संघ ने दिया ज्ञापन
केशव राय पाटन में राशन विक्रेता संघ के केशव रायपाटन के द्वारा विभिन्न मांगों को लेकर उपखंड...
વલભીપુર ના નવનિયુક્ત પીએસઆઇ દ્વારા સ્વતંત્રતા દિવસની શુભેચ્છા વલભીપુર જનતાને આપી હતી
વલભીપુર ના નવનિયુક્ત પીએસઆઇ દ્વારા સ્વતંત્રતા દિવસની શુભેચ્છા વલભીપુર જનતાને આપી હતી