সোণাৰিত উঠি অহা নতুন প্ৰজন্মক নাটকৰ লগত জড়িত কৰাৰ উদ্দেশ্যে সোণাৰিত সমলয় গোষ্ঠীৰ শিশু নাট কৰ্মশালাৰ নিবেদন।

সোণাৰি সমলয় গোষ্ঠীৰ উদ্যোগত শিশুনাট কৰ্মশালাৰ নিবেদন ।সোণাৰি সমলয় গোষ্ঠীৰ উদ্যোগত আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি শিশুনাট মঞ্চস্হ কৰা হয় ।উল্লেখযোগ্য যে কণ কণ শিশু সকলক লৈ এমাহ জোৰা নাট কৰ্মশালাৰ অন্তত আজি নাট্যকাৰ , পৰিচালক এডিচন দেউৰীৰ বানে ধোঁৱা গাঁও আৰু এডিচন দেউৰীৰ পৰিচালনাত , নাট্যকাৰ হবীৱ তনবীৰ , অনুবাদক ভগীৰথী বাঈ ইছলাম আৰু অনুপ হাজৰিকাৰ চৰণ দাস চোৰ আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত নাট প্রদর্শন কৰা হয়।