আমাৰ মাজত আজি কালি আত্ম হত্যাৰ প্ৰবণতা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে l যিটো আমাৰ মানৱ জাতিৰ বাবে শোভনীয় নহয় । আমি আনক ভাল পাবলৈ হলে প্ৰথমতে নিজক ভাল পাবলৈ শিকিব লাগিব । নিজক যি দিনাৰ পৰা ভাল পাবলৈ শিকিম লগে লগে সমাজৰ বাকী সকলকো ভাল পাম । যিজনে নিজকে ভাল পাবলৈ শিকা নাই সেই জনেহে আত্ম হত্যাৰ নিচিনা নিকৃষ্ট কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। আজি উজনি অসমৰ নাৰীৰ অন্যতম মহিলা শিক্ষানুষ্ঠান মৰাণ মহিলা মহাবিদ্যালয়ত নৱাগতা আদৰণি সভাত মুখ্য অতিথিৰ ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চফট স্কিল ডেভেলপ্ট চেলৰ শিক্ষক তথা সমন্বয়ক হেমচন্দ্ৰ দত্তই এনেদৰে কয় । বক্তা গৰাকীয়ে ছাত্ৰী সকলক উদ্দেশ্যি কয় যে আমাৰ ছাত্ৰ -ছাত্ৰী সকলে সুক্ষ্ম পৰ্যৱেক্ষনৰ ক্ষমতা অধিকাৰী হবলৈ চেষ্টা কৰিব লাগে । ১৯৯২ ত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনৰ আজি নৱাগতা আদৰণি সভাৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠানটোৰ অধ্যক্ষা জয়শ্ৰী ফুকনে । ইয়াৰ পাছতে শ্বহীদ তৰ্পন কৰে শিক্ষানুষ্ঠানটোৰ উপাধক্ষ্য লোহিত বৰুৱাই । আনহাতে আজি সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি ড°ভূপেন হাজৰিকাৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিক্ষানুষ্ঠানটোৰ অধ্যাপিকা উষাৰাণী গগৈয়ে । দিনৰ ১১ বজাত মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰীফুকনৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে শিক্ষানুষ্ঠানটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ড° সুখবৰুৱা, শিক্ষানুষ্ঠানটোৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অজয় কুমাৰ গগৈ, মৰাণৰ জ্যেষ্ঠ সাংবাদিক তথা অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ বাছা বৰাই । সভাত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে শিক্ষানুষ্ঠানটোৰ অধ্যাপিকা অৰুণিমা দত্ত আৰু দেৱযানী তামূলীয়ে। অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষানুষ্ঠানটোৰ ছাত্ৰী একতা সভাৰ সম্পাদিকা চুম্পী ৰাজখোৱাই । অনুষ্ঠানত ছাত্ৰী সকলে এটি সাংস্কৃতিক অনুষ্ঠান মঞ্চস্থ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તાપી નદીના કિનારે દેખાતું આ અદભૂત દ્રશ્ય ગલતેશ્વર મહાદેવ મંદિર
તાપી નદીના કિનારે દેખાતું આ અદભૂત દ્રશ્ય સુરત જીલ્લાના કામરેજ તાલુકાના ટીંબા ગામની સીમાં આવેલ અતિ...
Green Card and H1B Visa : America में ग्रीन कार्ड और एच1बी वीज़ा की लड़ाई लड़ते भारतीय (BBC)
Green Card and H1B Visa : America में ग्रीन कार्ड और एच1बी वीज़ा की लड़ाई लड़ते भारतीय (BBC)
જસદણ આટકોટ ગાંઠીયા લારી નાં વેપારી ને ઈલેક્ટ્રોનિક શોટ લાગતાં મુત્યુ થયું
જસદણ આટકોટ ગાંઠીયા લારી નાં વેપારી ને ઈલેક્ટ્રોનિક શોટ લાગતાં મુત્યુ થયું
માનવતા : ખંભાત પોલીસ જવાનોને પેટ્રોલિંગ દરમિયાન મળેલ પાકીટ મૂળ માલિકને પરત કર્યું.
ખંભાત શહેર પોલીસ મથકમાં ફરજ બજાવતા પોલીસ જવાનોને પેટ્રોલિંગ દરમિયાન લાલ દરવાજા સર્કલ પાસેથી એક...