গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ঔগুৰি আলিছিগা প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিতান "শনিবৰীয়া চ'ৰা''। প্ৰতি শনিবাৰে "শনিবৰীয়া চ'ৰা'' শীৰ্ষক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত গীত-মাত, চিত্ৰাংকন, কবিতা, খেলা ধূলা, নৃত্য আদি অনুষ্ঠিত কৰা হয়। আজিৰ এই "শনিবৰীয়া চ'ৰা'' লৈ আহিল ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা। খৰস্ৰোত ধনশিৰি নদীৰ ওপৰেদি এখন ৰচি টনা টুলুঙা নাৱেৰে পাৰ হৈ মাজ বাটত বোকা পানী গছকি আহি অনুষ্ঠানত ভাগ ল'লে গোলাঘাট জিলাৰ অতিৰিক্ত উপযুক্ত তথা ধনশিৰিৰ

মহকুমাধিপতি দিনছেংফা বৰুৱাই। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ উৎসাহ দেখি অভিভূত হয় মহকুমাধিপতি বৰুৱাই। অনুষ্ঠানতে মহকুমাধিপতি বৰুৱাই ক'লে সময় উলিয়াই মাজে মাজে ঔগুৰি আলিছিগা প্ৰাথমিক বিদ্যালয়লৈ আহি পাঠ দান কৰিব। আজিৰ এই মনোগ্ৰাহী অনুষ্ঠানত মহকুমাধিপতি বৰুৱাৰ লগতে অংশগ্ৰহণ কৰে সহকাৰী অভিযন্তা সমীৰণ বৰা, ধনশিৰি জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক তপন শৰ্মা, নদী আৰু নাৰী কাব্যনুষ্ঠানৰ স্বত্বাধিকাৰ ৰ'নাল্ড টাইদ, সহকাৰী শিক্ষক প্ৰাঞ্জল শৰ্মা, জনপ্ৰিয় যুৱমডেল গগণ নাথে। 

ঔগুৰি আলিছিগা প্ৰাথমিক বিদ্যালয়ৰ "শনিবৰীয়া চ'ৰা'' লৈ আহি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক শলাগ জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জনাইছে প্ৰধান শিক্ষক মন্টু মৰাঙে।