*মাজুলীত জিলা দিৱসৰ লগত সংগতি ৰাখি পৰিবহন বিভাগৰ সজাগতা অভিযান*

মাজুলী জিলাই গৰকিলে প্ৰতিষ্ঠাৰ সপ্তম বৰ্ষপূৰ্তি ! ইয়াৰ উপলক্ষে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলাখনত বিভিন্ন কাৰ্য্যসূচী হাতত লোৱা দেখা গৈছে ! ইয়াৰ সমান্তৰালকৈ মাজুলী জিলাৰ পৰিবহন বিভাগৰ তৰফৰ পৰা সজাগতামূলক অভিযান হাতত লোৱা দেখা গৈছে ! অভিযানৰ কালছোৱাত মাজুলীৰ বিভিন্ন প্ৰান্তত পৰিবহন বিভাগৰ INTERCEPTOR বাহনৰ সহায়ত যানবাহন তথা চালকে মানি চলিবলগীয়া বিভিন্ন সৰ্তকতা সমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰে ! 

 ১//দুচকীয়া বাহনত যাত্ৰা কৰাৰ সময়ত চালক তথা আৰোহীয়ে হেলমেট পৰিধান কৰা ! 

২//গতিবেগ বজাই ৰখা

৩// চাৰিচকীয়া বাহন চলোৱাৰ সময়ত চীটবেল্ট পৰিধান কৰা 

৪ //বাহন চলোৱাৰ সময়ত সুৰাপান বৰ্জন কৰাৰ লগতে বাহন চলোৱাৰ সময়ত মোৱাইলৰ প্ৰয়োগ নিষিদ্ধ কৰা ইত্যাদি গুৰুত্বপূৰ্ণ সৰ্তকতা সমূহ ৰাইজৰ আগত প্ৰচাৰ কৰে ! ইয়াৰ উপৰিও অভিযানৰ সময়ত হেলমেট পৰিধান নকৰা চালকক চালান কটাৰ পৰিবৰ্তে নিয়মসমূহ পালনৰ অৰ্থে ভালদৰে বুজাই দিয়া পৰিলক্ষিত হ'য় !