চিৰবৰন্য ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ৯৬ তম ওপজা দিন । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুহুৰিছে জনতাই। সমান্তৰালকৈ আজি সন্ধিয়া ৭ বজাত চিলাপথাৰ শ্বহীদ ভৱনত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই তেওক সুহুৰি অনুষ্ঠিত কৰে একাঁজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম গগৈয়ে আতধৰা অনুষ্ঠানখনিত সুধাকণ্ঠৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণেৰে বন্তি প্ৰজ্বলন কৰে অসম কবি সমাজৰ সহকাৰী সম্পাদক তথা চিলাপথাৰ বিশিষ্ট কবি ভুবন দাসে । সভাত ধেমাজি জিলা ছাত্ৰ সন্থাৰ হৈ দেবেন দেকা , দেব কলিতা , বিতু সাহা ই সুধাকণ্ঠৰ ওপৰত বহল বক্তব্য প্ৰদান কৰে । সভাত আছুৰ অৰ্ধ শতাধিক কৰ্মকৰ্তাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি সুধাকণ্ঠক স্মৰণ কৰে।
চিৰবৰণ্য ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনত তেওঁক স্মৰণ কৰি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ একাঁজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

