মৰাণত উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী উন্মোচন

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাহিত্যিক, চলিত বৰ্ষৰ অসম চৰকাৰৰ অমল প্ৰভা দাস বঁটা বিজয়ী, উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী আজি মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়৷ মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত আজিৰ অনুষ্ঠানটোত মৰাণ কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ইলা বৰগোহাঁইৰ ৰচনাৱলীখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক তথা অৰুণাচল লিটাৰেৰী চ’চাইটিৰ প্ৰতিষ্ঠাপক সভাপতি য়েচে দৰজে ঠংছিয়ে৷ ৰচনাৱলীখন উন্মোচন কৰি প্ৰদান কৰা ভাষণত বিশিষ্ট সাহিত্যিক ঠংছিয়ে অসমীয়া সাহিত্যিত মহিলা সাহিত্যিকৰ অৱদান আন আন ৰাজ্যৰ তুলনাত অধিক বুলি মন্তব্য কৰে৷ বৰ্তমানলৈকে অসমীয়া সাহিত্যত দহগৰাকী মহিলা সাহিত্যিক সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয় বুলিও লগতে উল্লেখ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে৷ ইলা বৰগোহাঁইৰ কেইবাখনো উপন্যাস পঢ়ি আপ্লুত হোৱাৰ লগতে বৰগোহাঁইৰ সাহিত্য সৃষ্টি অতুলনীয় বুলি কয় য়েচে দৰজে ঠংছিয়ে৷ মৰাণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰশান্ত দত্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ লগতে ৰচনাৱলীখনৰ সম্পাদক তথা লোক-সংস্কৃতিৰ সাধক ড॰ অনিল শইকীয়াই অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানটোত মৰাণ কলেজৰ অধ্যক্ষা ড॰ মিতালী কোঁৱৰ, মৰাণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় ক্ৰমে ডাঃ লোহিত কুমাৰ বৰা, শোভিত কুমাৰ চেত্ৰী আৰু বাছা বৰা, উপসভাপতি নীলকান্ত গগৈকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ শাখা সাহিত্য সভাৰ সম্পাদক অকন ভূঞাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংছি আৰু ইলা বৰগোহাঁইক মৰাণৰ একুৰিৰো অধিক দল-সংগঠনে সম্বদ্ধৰ্না জ্ঞাপন কৰে৷