গোলাঘাটত সন্ধানহীন এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন ছাত্ৰজনৰ নাম জিসান হক বুলি জনা গৈছে। গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰ জিসান পুৱা বিদ্যালয়লৈ আহিছিল যিদিও আজিৰ শ্ৰেণীকোঠাত উপস্থিত নাছিল। জিসান গোলাঘাট শান্তিপুৰৰ নিবাসী ডাঃ ছাজিদুল হকৰ পুত্ৰ। বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰ গৰাকীৰ সন্ধানহীন হোৱা ঘটনাই এতিয়া নগৰখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
উল্লেখ্য যে ছাত্ৰজনে পুৱা বিদ্যালয়লৈ দুটাকৈ বেগ লৈ অহা প্ৰত্যক্ষ কৰিছিল বিদ্যালয়খনৰ কৰ্মচাৰীয়ে। কিয়, কি কাৰণত ছাত্ৰজনে বিদ্যালয়লৈ স্কুল বেগৰ উপৰিও অতিৰিক্ত বেগ আনিছিল তাক লৈও এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
গোলাঘাটত সন্ধানহীন এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰ।
![](https://i.ytimg.com/vi/CQsjOT2n6Lo/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)