Golaghat Student Missing From School

 Breaking...

গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ জিসান হক(১৭) নামৰ ছাত্ৰ বিদ্যালয়লৈ অহাৰ পিছৰ পৰাই সন্ধানহীন ৷ পুৱা বিদ্যালয়খনত প্ৰত্যক্ষ কৰিছিল বিদ্যালয়খনৰ কৰ্মচাৰীয়ে ৷ বৰ্তমান বিদ্যালয়খনত গোলাঘাট আৰক্ষী উপস্থিত হৈ সম্পূৰ্ণ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ৷ বিদ্যালয়খনত উপস্থিত আছিল যদিও পাঠদান কৰাৰ পৰা বিৰত আছিত জিসান ৷ জিসান হক গোলাঘাটৰ চিকিৎসক শান্তিপুৰৰ নিবাসী ডা° ছাজিদুল হকৰ পুত্ৰ ৷সমগ্ৰ বিষয়টোৰ পিছত এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে বিদ্যালয়খনত ৷ সমগ্ৰ ঘটনা ৰসহ্যৰ আৱৰ্ত্তত সোমাই পৰিছে।