বৃহস্পতিবাৰে অসম কৃষি আয়োগৰ এটা সজাতি দলে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ  সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

অসম কৃষি আয়োগৰ দলটোৱে দুদিন ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন গাঁৱলৈ গৈ কৃষক সকলৰ সৈতে মত বিনিময় কৰাৰ পিছতে  বৃহস্পতিবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্ত সহ জিলাখনৰ বিভিন্ন বিষয়াৰ সৈতে জিলাখনৰ কৃষক সকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ।

 উক্ত বৈঠকত অসম কৃষি আয়োগৰ  অধ্যক্ষ ড০ H.S. গুপ্তা  সহ আয়োগৰ সদস্য ড০ নলীন কুমাৰ মহন, ড০ হলধৰ দেৱ শৰ্মা , ড০ প্ৰাঞ্জল প্ৰকাশ শৰ্মা , ড০ অতুল চন্দ্ৰ শৰ্মাৰ লগতে অসম কৃষি আয়োগৰ বহুকেইগৰাকী জেষ্ঠ বিষয়া উপস্থিত থাকে ।