ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়া চৰকাৰী বিদ্যালয় সমূহৰ বিৰোধীতাৰে গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল l অসম চৰকাৰে গ্ৰহণ কৰা অসমীয়াৰ লগতে আন আন মাঁতৃ ভাষাৰ মাধ্যম বিৰোধী আৰু চৰকাৰী শিক্ষা ব্যৱস্থা বিৰোধী,গোলাঘাট জিলাত বন্ধ কৰি দিয়া চৰকাৰী সিধান্ত সমূহ বাতিল কৰাৰ দাবীত আজি গোলাঘাট জিলা প্ৰেছ ক্লাবত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি সম্পাদকৰ লগতে আন আন বিষয় ববিয়া সকলে এক সংবাদমেল অনুষ্ঠিত কৰে l সংবাদ মেলৰ জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয় ববিয়া সকলে ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰি কয় যে,যদিহে শীঘ্ৰে চৰকাৰে চৰকাৰী শিক্ষাখণ্ড মাতৃভাষা মাধ্যম ধংস কৰিবলৈ লোৱা সিধান্ত বাতিল নকৰে তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হব লাগিব ৰাজ্য চৰকাৰ