প্ৰতিজন অসমীয়াৰ হৃদয়জুৰি বৈ থকা এটি সত্তা ড° ভূপেন হাজৰিকা৷  হাঁহি হাঁহি জীৱন বুটলিবলৈ সক্ষম হোৱা আমাৰ প্ৰাণৰো প্ৰাণৰ হিয়াৰ আমঠু ভূপেনদাৰ আজি ৯৬ সংখ্যক জন্মবাৰ্ষিকী। যিগৰাকীৰ  অবিহনে অসমৰ স্বকীয় পৰিচয় যেন আধৰুৱা। অসমৰ কলা-সংস্কৃতিৰ লগতে জাতীয় জীৱনলৈ তেখেতৰ অৱদান প্ৰাতঃস্মৰণীয়।  যি অৱদান আগবঢ়াই গৈছে সেয়া লুইতৰ দৰেই বৈ থাকিব যুগ যুগান্তৰলৈ। দোষে-গুণেহে যে মানুহ, সুধাকণ্ঠৰ জীৱনেই তাৰ প্ৰমাণ। 
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক ওপজা দিন। ভূপেনদাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰেও জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত পালন কৰিব ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মদিন।
সমাজ-সংস্কৃতিক প্ৰাণৱন্ত কৰা এইগৰাকী চিৰপ্ৰোজ্জ্বল বিশ্ববৰেণ্য শিল্পীক আজি ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সেৱা জনালোঁ।