গোলাঘাট জিলাৰ বৰপথাৰ নগৰত আজি পুৱাৰে পৰা চলিল উচ্ছেদ অভিযান। বৰপথাৰ নগৰৰ হস্পিটেল তিনিআলিৰ পৰা গেলাবিল তিনি আলি লৈকে থকা প্ৰায় ৫০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানত চলোৱা হয় এই উচ্ছেদ অভিযান। পুৱা ১০-৩০ বজাৰ পৰা দুখন এচক্সেভেটৰ লৈ ৰেল বিভাগে এই উচ্ছেদ অভিযান চলাই। উল্লেখ্য সূদীৰ্ঘ ৭০ বছৰতকৈও অধিক কাল একাংশ লোকে ৰেল বিভাগৰ ভূমিত অবৈধ ভাবে দোকান -পোহাৰ খুলি ব্যৱসায় কৰি আহিছিল। তদুপৰি একাংশলোকে ৰেলৱে ভূমিত অবৈধ ভাবে ঘৰ বনাই নিগাজিকৈ বসবাস কৰি আহিছিল। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ লামডিং ডিভিজনৰ উচ্চ পদস্থ বিষয়া আৰু ৰেলৱে আৰক্ষীৰ, চি আৰ পি এফৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলে। উচ্ছেদৰ সময়ত ধনশিৰি মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ৰেল বিভাগক সহযোগ কৰে। ৰেল বিভাগৰ উন্নয়ণ অধিক তৰাম্বিত কৰাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হয় বুলি জানিব পৰা গৈছে। উচ্ছেদিত স্থানত ৰেল বিভাগে ড্ৰাৱল ট্ৰেকৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়াই। ৰেল বিভাগে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে ৰেল বিভাগৰ ভূমিত অবৈধ ভাবে নিৰ্মাণ কৰা বাসগৃহও উচ্ছেদ কৰে। ইপিনে এই উচ্ছেদ অভিযানত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tiger: बाघों के साथ भारत का ये पड़ोसी देश क्या कर रहा है?
Tiger: बाघों के साथ भारत का ये पड़ोसी देश क्या कर रहा है?
મહુવા મા લમ્પી વાયરસથી પશુધન (ગાયો) ને બચાવવા માટે તાત્કાલિક સારવાર કેન્દ્ર ચાલુ કરવા આવેદનપત્ર
મહુવા પત્રકાર એસોસિએશન દ્વારા લમ્પી વાયરસથી પશુધન (ગાયો) ને બચાવવા માટે તાત્કાલિક સારવાર કેન્દ્ર...
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত ঠগ প্ৰবঞ্চনাৰ জাল Roushanalom Organization Pvt.Ltd কম্পেনীৰ।
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত ঠগ প্ৰবঞ্চনাৰ জাল Roushanalom Organization Pvt.Ltd কম্পেনীৰ।
PORBANDAR પોરબંદરમાં પી.ડબ૯યુ.ડી. ના કવાર્ટર જર્જરીત હાલતમાં 05-11-2022
PORBANDAR પોરબંદરમાં પી.ડબ૯યુ.ડી. ના કવાર્ટર જર્જરીત હાલતમાં 05-11-2022
I'll contest from Waghodia Assembly seat, says BJP MLA Madhu Srivastava ahead of Gujarat polls
I'll contest from Waghodia Assembly seat, says BJP MLA Madhu Srivastava ahead of Gujarat polls