বৃহস্পতিবাৰে তিনিচুকীয়াৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ,প্ৰতিমূৰ্তি নিৰ্মান সমিতিৰ সহযোগত ডঃ ভূপেন হাজৰিকাৰ  ৯৬ সংখ্যক জন্ম দিৱস উদযাপন কৰে ।

তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত ডঃ ভূপেন হাজৰিকা স্মৃতি উদ্যানত এদিনীয়া কায্যসূচীৰে  অনুষ্ঠিত কৰিছে বিশ্ব বৰেণ্য শিল্পী ,ভাৰতৰত্ন সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম দিৱসটি ।

সুধাকণ্ঠৰ জন্ম দিৱসৰ  লগত সংগতি ৰাখি ৮ চেপ্তেম্বৰৰ পুৱাই ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে উদ্যোক্তা সকলে ।

ইফালে সন্ধিয়ালৈ অসমৰ জনপ্ৰিয় দুগৰাকী শিল্পী পথাৰ শিল্পী লুইত গগৈ আৰু ৰাজীৱ শদিয়া‌ই পৰিবেশন কৰিবলগীয়া সংগীতানুষ্ঠানত সমূহ তিনিচুকীয়াবাসী ৰাইজক উপস্থিত থাকিবৰ বাবে আহ্বান জনাইছে উদ্যোক্তাসকলে ।