মুখ্যমন্ত্ৰীৰ সচিব খনীন্দ্ৰ চৌধুৰীকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাৰ উপায়ুক্তক হঠাৎ বদলিৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে দিচপুৰৰ পৰা। গোৱালপাৰাৰ নতুন উপায়ুক্ত হ’ব খনীন্দ্ৰ চৌধুৰী।
কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলীক কামৰূপৰ নতুন উপায়ুক্তৰূপে বদলি কৰা হৈছে। বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক বদলি কৰি গৃহ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব দিয়া হৈছে।
গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক বদলি কৰি সাংস্কৃতিক বিভাগৰ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰিছে। ইফালে নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক বদলি কৰি হাইলাকান্দিৰ উপায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে।
বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বৰপেটাৰ উপায়ুক্তৰূপে বদলি। চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁৱৰ উপায়ুক্তৰূপে বদলি। চিৰাঙৰ নতুন উপায়ুক্ত হ’ব পি বিজয়া ভাস্কৰ ৰেড্ডী আৰু বাক্সাৰ নতুন উপায়ুক্ত হ’ব এম এম পাৰ্টিন।
হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক কাছাৰৰ উপায়ুক্তৰূপে বদলি। ড০ আশিস কুমাৰ ভূটানীক ARIASৰ প্ৰকল্প সঞ্চালক পদৰ পৰা অব্যাহতি দি ARIASৰ অধ্যক্ষ পদৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
PHEৰ আয়ুক্ত সচিব আকাশ দীপক পাৰিপাৰ্শ্বিক-বন বিভাগৰ আয়ুক্ত সচিবৰূপে বদলি। কৃষি, পাৰিপাৰ্শ্বিক-বনৰ আয়ুক্ত সচিব ড০ ওম প্ৰকাশক সৰ্বশিক্ষাৰ প্ৰকল্প সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছে। সৰ্বশিক্ষাৰ প্ৰকল্প সঞ্চালক ৰোশনী অপৰাঞ্জি ক’ৰাটিক কৃষি বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়াৰ লগতে ARIASৰ প্ৰকল্প সঞ্চালকৰ অতিৰিক্ত দায়িত্ব।
কেইবাখনো জিলাৰ উপায়ুক্তক বদলি
 
  
  
  
  
  