নলবাৰী চহৰৰ পবিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ সমিপৰ অসম্পূৰ্ণ উৰনীয়া সেতু শিঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে এক প্ৰতিবাদী গণবিক্ষোপ কাৰ্য্যসূচী ৰূপায়ণ কৰে৷উল্লেখযোগ্য যে বিগত ২০১৭ চনতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা স্থাপন কৰি সেতুখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে আজি পৰ্য্যন্ত সেতুখন সম্পূৰ্ণ নোহোৱাত ৰাইজৰ যথেষ্ট অসুবিধা হৈছে৷সেয়েহে আজি যুৱছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্য্যসূচীৰে চৰকাৰ তথা লোকনিৰ্মান বিভাগক উৰনীয়া সেতুখন শিঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী জনাইছে৷
নলবাৰীত পাচবছৰে অসম্পূৰ্ণ হৈ থকা উৰনীয়া সেতু সম্পূৰ্ণ কৰাৰ দাবীত যুৱছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্য্যসূচী৷
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_ec8bb7743492df14a6285cbdc79086e3.jpg)