AJYCP কুমহাৰীপত্তী শাখা সমিতি গঠন।

বুধ বাৰে অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ অন্তৰ্গত কুমহাৰীপত্তী শাখা সমিতিত সভাপতি হিচাপে আকাশ গুপ্তা আৰু সা - সম্পাদক সুভম শাহ ক লগত লৈ এখন শক্তিশালী শাখা সমিতি গঠন কৰা হয়। হিন্দুস্তানী দুৰ্গা পূজাৰ মণ্ডপত অনুষ্ঠিত হোৱা সভাত ভাৰপ্ৰাপ্ত সভাপতি হীৰক জ্যোতি মৰাণ আৰু সাধাৰন সম্পাদক কল্যাণজ্যোতি মৰাণ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসমুহ উপস্থিত থাকে লগতে নগৰ শাখা সমিতি আৰু ডুমডুমা মহাবিদ্যালয় গোটৰ বিষয়ববীয়া সকলো উপস্থিত থাকে । শাখা সমিতি খনলৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনোৱাৰ উপৰিও অনাগত দিনত শক্তিশালী ৰূপত অসম আৰু অসমীয়াৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে মাত মাতি যাব বুলি আশা ব্যক্ত কৰিছে অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কল্যাণজ্যোতি মৰাণ এ।