বিউটিচিয়ান তথা মেক আপ আৰ্টিষ্ট পূৰৱী ডেকা কলিতাৰ বৃহৎ সফলতা ৷
কলিকতাত মেক আপ ৰ মাষ্টাৰ ডিগ্ৰী,
চানচাইন একাডেমীত এডভান্স কৰ্চ,
বলিউডৰ মেকআপ আৰ্টিষ্ট ওজাছ ৰাজনী আৰু অনুৰাগ বাসুৰ (মুম্বাই) মাষ্টাৰ ক্লাছ আৰু প্ৰনৱ ডেকাৰ মেকআপ বেচিক ক্লাছৰ অভিজ্ঞতাৰে সমৃদ্ধ পূৰৱীয়ে এইবেলি লাভ কৰিছে তিনিটাকৈ গুৰুত্বপূৰ্ণ এৱাৰ্ড ৷ কামৰূপ জিলাৰ চাংসাৰি হাইস্কুল চকত বিউটি পাৰ্লাৰ চলাই থকা পূৰৱীয়ে এইবেলি লাভ কৰিছে Best make up artist National 2022 এৱাৰ্ড,
international Best make up 2022 এৱাৰ্ড লাভ কৰাৰ উপৰিও সৌন্দৰ্য চৰ্চাত
অসম গৌৰৱ বঁটা ২০২২ লাভ কৰিবলৈ সক্ষম হৈছে ৷ সুদীৰ্ঘ ২২ বছৰ কাল পূৰৱী ডেকা আৰু মালা মহন্ত ভূঞাৰ তত্বাবধায়নত প্ৰশিক্ষণ গ্ৰহণ কৰা পূৰৱী বৰ্তমান কামৰূপ জিলাৰ দেউদুৱাৰৰ বাসিন্দা ৷ কামৰূপ জিলাৰ বোৰ্কাত এটি আধ্যৱন্ত পৰিয়ালত জন্মগ্ৰহণ কৰা পূৰৱীৰ সৰুৰেপৰা আছিল বিউটিচিয়ান হোৱাৰ মন ৷ যাৰবাবে পিতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ প্ৰশিক্ষণ লৈছিল বিউটিচিয়ান আৰু মেক আপ আৰ্টিছৰ ৷ এইগৰাকী সফল বিউটিচিয়ান আৰু মেক আপ আৰ্টিষ্ট হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা পূৰৱী এতিয়া ব্যস্ত চাংসাৰি হাইস্কুল চকত থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান পূৰৱী বিউটিপাৰ্লাৰত ৷ গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন ঠাইৰ যুৱতী-মহিলাই নিজৰ সৌন্দৰ্য চৰ্চাৰ বাবে এতিয়া ভিৰ কৰে চাংসাৰি ডাকঘৰৰ সমীপত থকা পূৰৱী বিউটিপাৰ্লাৰত ৷