সোণাৰিৰ টীয়কঘাটত কৰম সন্মিলন অনুষ্ঠিত
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰজাপুখুৰী উপ শাখা সমিতিৰ উদ্যোগত আৰু টিয়াকঘাট ৰাইডঙিয়া গাঁওৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত চতুৰ্থ বাৰ্ষিক টীয়কঘাট ৰাজহুৱা কৰম সন্মিলনৰ কালি নিশা সামৰণি পৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি নিশা এক মুকলি সভাৰ আয়োজন কৰা হয়। সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন শৰ্মাই উদ্বোধন কৰা সভাত শিক্ষক, সমাজকৰ্মী ৰমাকান্ত ভক্তয় নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। সভাত যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সমাজকৰ্মী যোগেশ চোনা, ৰাজ নায়ক, কাজল দে, সাংবাদিক মৃত্যুঞ্জয় দাস প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে। সভাত শেষত এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়।