অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে ।তেওঁ গোলাঘাট পূব উন্নয়ন খণ্ডৰ অধীনৰ হাঁহচৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু দৈয়াং চাহ বাগিচাত স্থাপন কৰা ৪ নং দৈয়াং বাগান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ দুটা মুকলি কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচা অঞ্চলৰ শিশু আৰু মহিলাসকলৰ স্বাস্থ্যক লৈ বৰ্তমানৰ চৰকাৰখন সদা সচেতন । জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰৰ সদায় দায়বদ্ধতা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অংগনৱাড়ী কেন্দ্ৰৰ পূৰ্বৰ ধাৰণা এতিয়া সলনি হৈছে । তেওঁ কয় যে প্ৰতিখন চাহ বাগিচাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব  আৰু চাহ বাগিচা অঞ্চলৰ মহিলা আৰু শিশুসকলৰ স্বাস্থ্য ৰক্ষা আৰু উপযুক্ত শিক্ষা সুনিশ্চিত কৰা হ'ব । তেওঁ থলুৱাভাবে পোৱা ফল-মূল, শাক-পাচলিতেই আমি পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰোঁ বুলি উল্লেখ কৰি মাতৃসকলক নিজৰ লগতে সন্তানক এনে খাদ্য সামগ্ৰী খুৱাবলৈ আহ্বান জনায় ।

আনহাতে অৰুণোদয় আঁচনি প্ৰসংগত তেওঁ কয় যে যোগ্য হিতাধিকাৰী সকলেহে যাতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে সেয়া ৰাইজেও নিৰীক্ষণ কৰিব লাগিব । তেওঁ চাকৰি নোপোৱা যুৱক-যুৱতীসকলক হতাশ নহৈ মৎস্য পালন আৰু বিভিন্ন ক্ষেত্ৰত স্ব-নিয়োজনেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

দুয়োটা অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, পদুমনি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমনি সন্দিকৈ বৰা, গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ উন্নয়ন খণ্ড বিষয়া ৰাম চন্দ্ৰ দেউৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল । অনুষ্ঠানত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, কেন্দ্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত আছিল । দৈয়াং বাগান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি অনুষ্ঠানৰ অংশৰূপে মন্ত্ৰীগৰাকীয়ে পোষণ মাহৰ সৈতে সংগতি ৰাখি এখন পোষণ মেলাও মুকলি কৰে ।