বৰহাটৰ নগাকটা গাঁৱৰ ৰাইজৰ উদ্যোগত নগাকটা ৰাজহুৱা খেলপথাৰত কৰম পূজা সন্মিলনত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

বৰহাটৰ নগাকটা গাঁৱৰ ৰাইজৰ উদ্যোগত নগাকটা ৰাজহুৱা খেলপথাৰত কৰম পূজা সন্মিলনৰ আজি অনুষ্ঠিত সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কৰম পৰবৰ তাৎপৰ্যৰ সন্দৰ্ভত বিস্তৃত ভাবে কোৱাৰ লগতে আদিবাসী, চাহ জনগোষ্ঠী,চাওঁতাল,আহোম, কছাৰি,চুতীয়া আদি বেলেগ বেলেগ বুলি ভাবি নাথাকি সমিলমিলে বৃহত্তৰ স্বাৰ্থত আমি এক ভাৰতীয় । নিজকে অসমীয়া বুলি চিনাকী দিবলৈ ৰাইজ আহ্বান জনায় ।সভাত বিজেপি দলৰ মিডিয়া চেলৰ সম্পাদক তথা বিশিষ্ট কবি বিজয় গগৈ, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ ,বিজেপি বৰহাট মণ্ডলৰ চাহ মৰ্চাৰ সভাপতি কাৰ্ত্তিক উৰাং,টাইপা নেতা ৰবীন হাজৰিকাৰ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।আনহাতে যুৱক-যুৱতীসকলৰ মাজত ঝুমুৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।