ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লাট মণ্ডল।

ছিপাঝাৰত দূৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পাথৰিঘাট ৰাজহ চক্ৰৰ লাট মণ্ডল হৰিদাস সিনহা।

মাটি-বাৰীৰ কামৰ নামত ঘোচ লৈছিল ওঠৰ হেজাৰ টকা।

১০ লেচা মাটি নামজাৰিৰ নামত লৈছিল ওঠৰ হেজাৰ টকা।

পাটিদৰঙৰ পংকজ ডেকা নামৰ লোকজনৰ পৰা ঘোচ লৈছিল উক্ত ওঠৰ হেজাৰ টকা।

আজি পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যালয়ত দূৰ্নীতি নিবাৰক শাখাৰ এটি তদন্তকাৰী দলে অভিযান চলাই আটক কৰে লাট মণ্ডলজনক।