আজি বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাযোগে জিলাখনৰ ৩৯১গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বেংক একাউন্টযোগে ১৬০০০/টকাকৈ প্ৰদান কৰা হয়।

জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অতিৰিক্ত উপায়ুক্ত(শিক্ষা) শ্যামল ক্ষেত্ৰ গগৈৰ দ্বাৰা সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: বানকেলাল শৰ্মাই।

সভাত নৰ্থ বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক হৰেশ্বৰ নাথো উপস্থিত থাকে।আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষা বিষয়া যুগল কিশোৰ বৰাই।আৰু আঁত ধৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বঙাইগাঁও জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে।

 আজিৰ সভাৰ অংশ হিচাপে গুৱাহাটীত অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত।কেন্দ্ৰীয় অনুষ্ঠানযোগে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ বেংক একাউন্টযোগে কামৰূপ মহানগৰ তথা কামৰূপ গ্ৰাম্য জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক ১৬০০০/টকাকৈ অনলাইন ট্ৰেন্সফাৰ কৰি দিয়ে।তাৰ পিছতেই বঙাইগাঁও জিলাতো ছাত্ৰ-ছাত্ৰীসকলৰ বেংক একাউন্টলৈ ১৬০০০/টকাকৈ অনলাইন ট্ৰেন্সফাৰ কৰি দিয়া হয়।লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণ পত্ৰসমূহো আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

আজিৰ সভাত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বঁটা পাই কেনে অনুভৱ হ'ল সেয়া ব্যক্ত কৰে।কেবাগৰাকী অভিভাৱকেও নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱাৰ বিষয়েও বক্তব্য দাঙি ধৰে।