মৰাণ আৰক্ষী থানা আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলমিটাৰ দুৰৈত অৱস্থিত বেজৰ চুক বঙালী গাঁৱৰ প্ৰেক্ষাগৃহত দুখনকৈ স্কুলৰ সন্মুখতে বহিল হাউচি আৰু জুৱাৰ বৃহৎ খেল।গোপন কেমেৰাত বন্দি জুৱা খেলৰ দৃশ্য। উল্লেখযোগ্য যে এই জুৱা খেলখনত একাংশ দল সংগঠনৰ নেতা কৰ্মী অংশ লৈ থকা দেখা গল। সন্দেহ জনক বিষয় যে মৰাণ থানাৰ সমীপতে হৈ থকা জুৱা খেলত আৰক্ষী উপস্থিত হৈ জব্দ কৰে উক্ত খেল খনলৈ ভাৰালৈ অনা জেনেৰেটৰ, মাইক চেট আৰু কেইটামান পৰি থকা হাউচি টিকট। জানিব পৰা অনুসৰি দুই লাখ টকা লৈকে চলিছিল জুৱা।