বিশ্বনাথ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্য্যসূচীৰে ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কোকিল হাজৰিকাই আৰু বন্তি প্ৰজ্বলন কৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বৰঠাকুৰে মহাবিদ্যালয়ৰ অতীত গৰিমা ব্যাখ্যা কৰি অনুষ্ঠানটোৰ উত্তৰোত্তৰ প্ৰগতি কামনা কৰে। মহাবিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰে ক্ৰমে বিশ্বনাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰমানন্দ বৰা, শৈক্ষিক বিষয়াদ্বয় স্মৃতিৰেখা বৰা আৰু অজিৎ দত্তই। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয় প্ৰেক্ষাগৃহত মূল সভা অনুষ্ঠিত হয়। কোকিল হাজৰিকাই সভাপতিত্ব কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা,বিশ্বনাথ কলেজ প্ৰাক্তন সতীৰ্থ সন্থাৰ সভাপতি অপূৰ্ব কুমাৰ দাস, পৰিচালনা সমিতিৰ সদস্যা চন্দনা লাহন গগৈ আৰু পৰিচালনা সমিতিৰ দাতা সদস্য বীৰেন ভাগৱতী। শিক্ষক - কৰ্মচাৰীবৃন্দ আৰু সাত শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা মূল সভা জাতীয় সংগীতেৰে আৰম্ভ হয়। আদৰণী ভাষণ প্ৰদান কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামনি শৰ্মাই। শৰ্মাই তেওঁৰ ভাষণত মহাবিদ্যালয়ৰ বিদ্যায়তনিক আৰু সহ বিদ্যায়তনিক উভয় দিশৰ ওপৰত আলোকপাত কৰি মনোজ্ঞ বক্তৃতা আগবঢ়ায়। বিশিষ্ট অতিথি প্ৰবীণ হাজৰিকাই তেওঁৰ বক্তব্যত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ প্ৰতিষ্ঠাপক ব্যক্তি সকলৰ অৱদানৰ ওপৰত বক্তৃতা আগবঢ়ায়। সভাপতিৰ ব্যক্তব্যত কোকিল হাজৰিকাই মহাবিদ্যালয়ৰ আন্তঃগাথঁনি উন্নয়নত পৰিচালনা সমিতিয়ে কৰা কাম সম্পৰ্কে মত আগবঢ়ায়। বিশ্বনাথ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ নৰেশ ঠাকুৰে আঁত ধৰা অনুষ্ঠানত শিক্ষক কৰ্মচাৰীকে প্ৰমুখ্য কৰি ছাত্ৰ একতা সভাৰ বিষয় ববিয়াই পূৰ্ণ সহযোগিতা আগবঢ়ায়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীৰ বৃত্তিগত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ দিয়াৰ এক সুব্যৱস্থা গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ছয়দুয়াৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সুসাহিত্যিক ডঃ অঞ্জন ওজা। উল্লেখযোগ্য যে, প্ৰতিষ্ঠা দিৱসৰ অন্যতম কাৰ্যসূচী হিচাপে মহাবিদ্যালয়ৰ ছাত্ৰ সংসদে সন্ধিয়া মহাবিদ্যালয় চৌহদত সমূহীয়া ভাবে বন্তি প্ৰজ্বলন কৰে। উত্তৰ অসমৰ অগ্ৰণী অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ এনে যোগাত্মক পদক্ষেপৰ স্থানীয় সমাজে শলাগ লৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Madarsa पर Yogi Sarkar का बड़ा फैसला | क्या है सिलेबस, कौन चला रहा है Madarsa ?#dblive
Madarsa पर Yogi Sarkar का बड़ा फैसला | क्या है सिलेबस, कौन चला रहा है Madarsa ?#dblive
1200 करोड़ की लागत से बनीं नई संसद की टपकने लगी छत, कांग्रेस ने सवाल उठाते हुए दिया ये नोटिस
दिल्ली में बुधवार को हुई बारिश के बाद संसद भवन में भी जलभराव हो गया। इसी को लेकर कांग्रेस ने...
Lok Sabha Election 2024: मुश्किल में अखिलेश का 'पीडीए' दांव, 'सोशल इंजीनियरिंग' की राह पर मायावती
नई दिल्ली। पिछले लोकसभा चुनाव में चिर प्रतिद्वंद्वी बसपा से गठबंधन कर लड़ी सपा को भाजपा के सामने...
মাহমৰাৰ মৰাণ উচ্চতৰ মাধ্যমিক।বিদ্যালয়ৰ নৱনিৰ্মিত শিক্ষক জিৰনীকোঠাৰ শুভউদ্বোধন কৰে সাংসদ তপন কুমাৰ গগৈয়ে।
চৰাইদেউ জিলাৰ মৰাণ নগৰত অৱস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণউচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি...
डोटासरा के डांस पर बोले मदन राठौड़- ये प्रदेश अध्यक्ष की गरिमा के विपरीत
कांग्रेस प्रदेश अध्यक्ष गोविंद सिंह डोटासरा और भजनलाल सरकार के कैबिनेट मंत्री किरोड़ी लाल के डांस...