আজি হোজাই জিলা উপায়ুক্তৰ সভা কক্ষত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী য়ে এক সংবাদমেলত বিশেষ সংক্ষিপ্ত ভোটাৰ তালিকা সংশোধন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। খেই অনুসৰি হোজাই জিলাৰ অহা ৯ নবেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। অহা ৮ ডিচেম্বৰৰ ভিতৰত আপত্তি আৰু অভিযোগ দাখিল কৰিব পাৰিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।২০২৩ বৰ্ষৰ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। ১৭ বছৰৰ উৰ্ধৰ সকলো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবৰ বাবে আবেদন কৰিব পাৰিব বুলি সংবাদ মেলত উপায়ুক্তই জানিবলৈ দিয়ে। 

এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে সকলোৰে সহায় সহযোগিতা কামণা কৰিছে।