সোণাৰিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

চৰাইদেউ জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা চলিত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক আনন্দৰাম বৰুৱা বঁটা আজি প্ৰদান কৰা হয়। এই উপলক্ষে সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱা, কৃতি শিক্ষক অৰুণ গগৈ আদি উপস্থিত থাকে।