শ্ৰমিক সংগঠন ACMS য়ে চৰকাৰ বিৰোধী নীতি গ্ৰহণ কৰিছে - আটছা তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিক্ৰিয়া।

"কৰম পৰৱ"ৰ চৰকাৰী ছুটী নামানিলে শ্ৰমিক সংগঠন ACMS. য়ে |

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অধিসূচনাক শ্ৰমিক সংগঠন ACMS য়ে অৱমাননা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে | চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ "কৰম পৰৱ" উপলক্ষে 6 চেপ্তেম্বৰ তাৰিখে ৰাজ্যখনৰ চাহ বাগিচা সমুহ বন্ধ ঘোষনা কৰি ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে 5 চেপ্তেম্বৰ তাৰিখে এক অধিসূচনা জাৰি কৰিছিল কিন্তু আজি দেখিবলৈ পোৱা গল চাহ শ্ৰমিকে চৰকাৰী অধিসূচনাক অমান্য কৰি বাগিচাত কাম অব্যাহত ৰখাৰ দৃশ্য দেখি হৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিয়ে | সমান্তৰালকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ৰাজ্য চৰকাৰৰ অধিসূচনাক আদৰণি জনাই আৰু "কৰম পৰৱ" ছুটীৰ বিনিময়ত অন্য দিনা কাম কৰোৱা নিৰ্দেশনা বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে শ্ৰমিক বিৰোধী নীতি পৰিহাৰ কৰাৰ আহ্বান জনাই অন্যথা আটছাই ক্ষান্ত হৈ বহি নেথাকে বুলি হুংকাৰ দিয়ে ।