বুধবাৰে অসম কৃষি আয়োগৰ এটা দলে তিনিচুকীয়াৰ বিভিন্ন গাঁৱৰ কৃষকৰ সৈতে মত বিনিময় কৰাৰ লগতে কৃষক সকলৰ বিভিন্ন সমস্যাৰ বুজ লয় ।

অসম কৃষি আয়োগৰ দলটোৱে তিনিচুকীয়া  জিলাৰ দহোটীয়া গাওঁ, বৰুৱাহোলা, মাটিয়েখানা আদি বিভিন্ন গাওঁ ভ্ৰমন কৰি কৃষকৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যা সম্পৰ্কে বুজ লয়।

দলটোত অসম কৃষি আয়োগৰ অধ্যক্ষ ড: এইচ এছ গুপ্তা, আয়োগৰ সদস্যসকল যথাক্ৰমে ডঃ নলীন কুমাৰ মহন, ডঃ হলধৰ দেৱ শৰ্মা, প্ৰাঞ্জল প্ৰকাশ শৰ্মা; অসম কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা, উপ কৃষি সঞ্চালক ডঃ অতুল চন্দ্ৰ শৰ্মা আৰু জেষ্ঠ কৃষি বিষয়া মানবেন্দ্ৰ শৰ্মা উপস্হিত থাকে।

দলটোৰ ভ্ৰমন কালত তিনিচুকীয়াৰ জিলা কৃষি বিষয়া তপন নেওগ, জেষ্ঠ কৃষি বিষয়া হেমাংগ সোনোৱাল, কৃষি উন্নয়ন বিষয়া ৰুবুল বৰগোঁহাইৰ লগতে অন্যান্য বিষয়া সকলে সহযোগ কৰে।