ভিতৰুৱা গ্ৰামাঞ্চলৰ চিকিৎসা সেৱাৰ একমাত্ৰ ভৰসা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ কিয় দিনৰ ডেৰ বজাতে বন্ধ হয়? ডেৰবজাৰ পিছত এই গ্ৰাম্য চিকিৎসালয়সমূহলৈ ৰোগীৰ আগমন নঘটে নেকি?বহু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ডেৰ বজাৰ পিছত চিকিৎসকক লগ পোৱা নাযায় । আবেলি কোনো ৰোগীয়ে চিকিৎসা গ্ৰহণৰ বাবে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হ'লেও বিমৰ্ষ মনেৰে ঘৰলৈ উভতি যোৱাৰ বাদে অন্য গত্যন্তৰ নাই । এনেক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে ৰাজ্যৰ গ্ৰামাঞ্চলত নিয়োজিত চিকিৎসা কৰ্মচাৰীসকলৰ দৈনিক কৰ্মঘণ্টা ডেৰ বজালৈকেহে নেকি?গ্ৰামাঞ্চলৰ ৰাইজক দৈনিক এবেলা চিকিৎসা সেৱা প্ৰদান কাৰ্যই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা দিশটোকে উন্মোচন কৰিছে । গাঁৱলীয়া মানুহৰ আকস্মিক দুৰ্ঘটনা হ'লে সততে চিকিৎসক পোৱা কঠিন । কাৰণ চিকিৎসকসকল স্বাস্থ্যকেন্দ্ৰ সংলগ্ন চৰকাৰী আবাসগৃহত নাথাকি দূৰণিৰ ভাৰাঘৰৰ পৰাহে কৰ্মস্থলীলৈ অহা-যোৱা কৰে । গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱাৰ এইবিলাক দুৰ্বল দিশ আঁতৰাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
▶️হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বোৰ্ধনা বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
▶️হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বোৰ্ধনা বিটিআৰৰ এমচিএলএ পবিত্ৰ...
Haryana Election Voting : Haryana की 90 सीटों पर मतदान शुरू, सुनिए मतदान करने के बाद क्या बोले लोग ?
Haryana Election Voting : Haryana की 90 सीटों पर मतदान शुरू, सुनिए मतदान करने के बाद क्या बोले लोग ?
પ્રધાનમંત્રી જન આરોગ્ય પી એમ જે વાય યોજનામા પાંચ લાખથી વધારીને દસ લાખ રૂપિયા કરવામાં આવ્યા
પ્રધાનમંત્રી જન આરોગ્ય પી એમ જે વાય યોજનામા પાંચ લાખથી વધારીને દસ લાખ રૂપિયા કરવામાં આવ્યા