থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিছে অসমৰ বহুকেইটা সাংস্কৃতিক দলে। তাৰ ভিতৰত আছে টাই বিহু এটা। অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ তত্বাৱধানত টাই বিহু দলটোৱে অংশগ্ৰহণ কৰিছে এই ফেষ্টিভেলত। আজি টাই বিহু দলটোৱে পৰিৱেশন কৰে তেওঁ লোকৰ অনুষ্ঠান।