কাকপথাৰ ডিৰাক আমগুৰি ন-গাঁৱৰ সন্ধানহীন মহিলাৰ স্বামীয়ে পত্নীক ঘৰলৈ ঘূৰি আহিবলৈ অনুৰোধ ।

কাকপথাৰ ডিৰাক আমগুৰি ন-গাঁৱৰ এগৰাকী মহিলা সন্ধানহীন।

 কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাক আমগুৰি ন-গাঁৱৰ পৰা এগৰাকী মহিলা যোৱা ১ ছেপ্টেম্বৰ তাৰিখৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে । নিতুমণি চেতিয়া দূৱৰা(২৭) নামৰ মহিলাগৰাকীয়ে যোৱা ১ছেপ্তেম্বৰ তাৰিখে কাকপথাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকলৈ বুলি অহাৰে পৰা সন্ধানহীন হৈ থকা বুলি মহিলা গৰাকীৰ‌ স্বামী খুবেশ্বৰ দুৱৰাই আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে। ইতিমধ্যে মহিলা গৰাকী সন্ধানহীনৰ সন্দৰ্ভত স্বামী খুবেশ্বৰ দুৱৰাই কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি আমাক অৱগত কৰিছে। এগৰাকী ৯বছৰীয়া কন্যা সন্তানক ঘৰত এৰি থৈ যোৱা নিতুমণি চেতিয়া দূৱৰা নামৰ মহিলা গৰাকী আজি পৰ্যন্ত ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। কোনো সদাশয় ব্যক্তিয়ে যদিহে মহিলা গৰাকীৰ সম্ভেদ লাভ কৰে নতুবা দৃষ্টিগোচৰ হয় তেন্তে তাৎক্ষণিক ভাবে ৮৮১১৯০৮৬৫১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।