বোকাখাতস্থিত গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যালয়ে বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত আজি ৩০ জুলাই, ২০২২তাৰিখে কঁহৰা চাৰিআলিত চাফাই অভিযান অনুষ্ঠিত কৰে।

উক্ত চাফাই অভিযানত বোকাখাত মহকুমাধিপতি ডাঃ নেহা যাদৱ, বন বিষয়া, বোকাখাতৰ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, মহকুমা স্বাস্থ্য বিষয়া, সংবাদকৰ্মী, কঁহৰা বজাৰ সমিতিৰ সভাপতি, সম্পাদক আৰু কাজিৰঙা গাওঁ পঞ্চায়তৰ সদস্য সকলে অংশগ্ৰহণ কৰে।