দুধনৈ নিকটৱৰ্তী দামৰা বৰগুম গাওঁৰ ৰাজহুৱা খেলপথাৰত আজি এদিনীয়া কাৰ্যসূচীৰে ৰাভা জাতীয় যুৱ পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ যায়৷ ৰাভা সকলৰ স্বায়ত্ব শাসনৰ দীৰ্ঘদীনিয়া সংগ্ৰামৰ ফলশ্ৰুতিত অসম চৰকাৰৰে হোৱা “ৰাভাচুক্তি”ৰ ফলত ১৯৯৫ চনৰ ১০ মাৰ্চত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ গঠন হয়৷ কিন্তু এতিয়াও পৰিষদীয় এলেকাত বসবাস কৰা সাধাৰণ ৰাইজৰ স্বায়ত্ব শাসনৰ আশা আকাংক্ষা বাস্তৱত ৰূপায়ন হোৱা নাই৷ এই দ্যোদুল্যমান পৰিস্থিতিৰ অৱসান ঘটাৱলৈ আৰু প্ৰকৃত স্বায়ত্ব শাসনৰ আশা-আকাংক্ষা পুৰণ কৰিবলৈ ভাৰতীয় সংবিধানৰ ২৪৪(ক) অনুচ্ছেদৰ অধীনত ৰাজ্যৰ ভিতৰতে “ৰাভা হাছং স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী তীব্ৰতৰ কৰিবলৈ একাংশ ৰাভা ৰাইজ পুনৰ সংগঠিতহৈ ২০২১ চনৰ ৬ চেপ্তেম্বৰত “ৰাভা জাতীয় যুৱ পৰিষদ” গঠন হয়, এই মন্তব্য ৰাভা যুৱ পৰিষদৰ নেতৃত্বৰ ৷ সংগঠনটোৰ নেতা ৰমেন সিং ৰাভায়ে কয় কোনো ব্যক্তি সমাজ বা সংগঠনৰ বিৰূদ্ধে নগৈ বৰং দেশ আৰু ৰাভা জনগোষ্ঠীৰ সামগ্ৰীক উন্নতি সাধন কৰাই হ’ল ৰাভা জাতীয যুৱ পৰিষদৰ প্ৰধান লক্ষ্য ৷ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি প্ৰফুল্ল ৰাভাই৷ আনহাতে স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে ক্ৰমে দুধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা আৰু ১নং মাজুবৰগুম জ্ঞাতি সমাজৰ গাওঁবুঢ়া কান্তেশ্বৰ ৰাভাই৷ দুপৰীয়া ৰাভা জাতীয় যুৱ পৰিষদৰ সভাপতি প্ৰফুল্ল ৰাভাই সঞ্চালনা কৰা প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অন্যতম কাৰ্যসূচী “সাংগঠনিক আলোকপাত” শীৰ্ষক এক মতবিনিময় অনুষ্ঠানত ৰাভা জাতীয় যুৱ পৰিষদৰ বিষয়ববীয়া ক্ৰমে দুধনৈ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভা, জিলা পৰিষদৰ সদস্য কুশধ্বজ ৰংখ উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ মত বিনিময় অনুষ্ঠানৰ আগ মুহুৰ্তত ৰাভা জাতীয় যুৱ পৰিষদৰ সম্পাদক প্ৰফুল্ল ৰংখই বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে৷ সভাত বিৰেন টোটলা,যতন ৰাভা, উদ্ধব ৰাভা,প্ৰণব ৰাভা,প্ৰসাদ ৰাভা আৰু ১৭ খন আঞ্চলিকৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લમ્પી વાયરસ: ખીણના સરહદી વિસ્તારોમાં લમ્પી વાયરસ , અન્ય રાજ્યોમાંથી પ્રાણીઓ લાવવા પર 15 દિવસનો પ્રતિબંધ
રાજસ્થાન, ગુજરાત અને પંજાબ બાદ હવે જમ્મુ અને કાશ્મીરના સરહદી વિસ્તારોમાં પણ લમ્પી વાયરસના સંકેતો...
Bajaj की पहली CNG Bike इस दिन होगी लॉन्च, कंपनी ने शेयर की महत्वपूर्ण जानकारी
Bajaj Auto की ओर से दुनिया की पहली CNG Bike लॉन्च की जाएगी। नई बजाज सीएनजी मोटरसाइकिल को कई मौकों...
Baroda Women's Cricket Teams bags Sponsorship for the Upcoming Season
Baroda Women's Cricket Teams bags Sponsorship for the Upcoming Season
For the first time...
રાજ્યમાં ‘આપ’ અને ‘ભાજપ’ વચ્ચેના સંભવિત જંગમાં ભાજપના 70 વર્ષના ઉમેદવારો ફાવી જશે ? ટીકીટ મળવાના ચાન્સ વધ્યા !
રાજ્યમાં વિધાનસભાની ચુંટણીઓ નજીક આવી રહી છે ત્યારે રાજકીય પક્ષો દ્વારા જનતાને લોભામણી સ્કીમો...