দৰঙৰ খাৰুপেটীয়াত অৱস্থিত আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নবাগত আদৰণী সভাখন আজি অনুষ্ঠিত হয় | কলেজখনৰ অধ্যক্ষ দেলোৱাৰ হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত প্ৰায় দুই শতাধিক নৱাগত ছাত্ৰ সকলে নিজৰ নিজৰ প্ৰতিভাৰ মাজেৰে পৰিচয় দাঙি ধৰাৰ লগতে বক্তব্য ৰাখে | খাৰুপেটীয়াৰ আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যাৰ্থীক উৎসাহিত কৰা আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ মানসেৰে সদায় ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় | এইবাৰো নৱাগত আদৰণি সভাতো দেখা গল ছাত্ৰসকলক উৎসাহিত কৰিবলৈ প্ৰতিভা সম্পন্ন কেইগৰাকীমান ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰে কলেজ কৰ্তৃপক্ষই | অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট সকলৰ লগতে অধ্যক্ষ দিলোৱাৰ হুছেইনে ছাত্ৰসকলক নীতিগত আৰু গুনগত শিক্ষাৰ ওপৰত বহলভাৱে বুজাই মুল্যবান বক্তব্য দাঙি ধৰে | দিনৰ ১০ বজাত আৰম্ভ হোৱা অনুষ্ঠানটোত বিভিন্ন গীত মাত, নৃত্য আৰু নাটক আদি কাৰ্যসূচীৰে আবেলি তিনি বজাত সম্পন্ন হয় | আনুষ্ঠানটিত সাংবাদিক ফখৰুল ইছলাম, মৰিয়ম আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা ৰেচমা ইয়াছমিন, শিক্ষক হবিবুৰ ৰহমান, আবুবক্কৰ ছিদ্দিক, ৰেকিব উদ্দিন আহমেদ, জুলফিক্কাৰ আলী, বাহাৰুল ইছলামৰ লগতে স্কুলখনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে