*ৰাজনৈতিক ক্ষমতাৰে গদগদ সমবায় সচিব প্ৰদীপ চমুৱাৰ চৰম মইমতালি*
*শ শ কুইণ্টল চৰকাৰী চাউলৰ হৰলুকি কৰিও ৰাজনৈতিক সুৰুঙাৰে হাৰি গ'ল সমবায় সচিব প্ৰদীপ চমুৱা*
ঢকুৱাখনা যোগান বিভাগৰ অন্তৰ্গত এখন দুখন নহয় তিনিখনকৈ সমবায়ত হাজাৰ হাজাৰ কুইণ্টল চাউলৰ কেলেংকাৰীয়ে জোকাৰি গৈছে সমগ্ৰ ঢকুৱাখনা। মূলতঃ পশ্চিম মাছখোৱা সমিতিত দীৰ্ঘদিন ধৰি শ শ কুইণ্টল চাউলৰ গোপন হৰলুকি চলি অহাৰ তথ্য পোহৰলৈ আহিছে। দৰিদ্ৰ হিতাধীকাৰীৰ বাবে আৱণ্টিত চাউলৰ উপৰিও বিদ্যালয় ছাত্ৰ-ছাত্ৰী তথা অংগনৱাদী কেন্দ্ৰৰ কণ কণ শিশুসকলৈ আৱণ্টিত চাউলৰ হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে নিজৰ ব্যক্তিগত ধাৰ পৰিশোধ কৰিবৰ বাবে দীৰ্ঘদীন ধৰি সচিব প্ৰদীপ চমুৱাই বিক্ৰী কৰি আহিছিল দৰিদ্ৰ ৰাইজলৈ আৱণ্টিত শ শ কুইণ্টল চাউল। দৰিদ্ৰৰ চাউল হৰলুকিৰ নামত বহুকেইখন সমবায়ৰ, বহুকেইজন সমবায় সচিব আৰু সভাপতিক আৰক্ষী তথা প্ৰশাসনে তলৱ কৰিছে যদিও ৰহস্যজনক ভাৱে পশ্চিম মাছখোৱা সমবায় সমিতিৰ কেলেংকাৰিৰ ক্ষেত্ৰত ঢকুৱাখনা প্ৰশাসনৰ নৰম ভূমিকাই ক্ষুণ্ণ কৰিছে সাধাৰণ ৰাইজ তথা দল-সংগঠনক। সচিবৰ এই বগা চাউলৰ কলা ব্যৱসায় দুৰ্নীতিৰ বিৰুদ্ধে গৈয়ে বিপদত সমবায় সমিতিখনৰ সদস্য তথা বিষয়-ববীয়াসকল। সচিব প্ৰদীপ চমুৱাৰ এই কলা ব্যৱসায়ৰ বিৰোধিতা কৰাৰ বাবেই ৰাজনৈতিক ষড়যন্ত্ৰৰে ভাঙি পেলোৱা হ'ল ৰাইজে নতুনকৈ নিৰ্বাচিত কৰা সমবায় সমিতিখনক। চক্ৰান্তমূলক ভাৱে চৰম মইমতালিৰে নিজেই গঠন কৰিলে এখন নিজা কমিটি। বহুখিনি কেলেংকাৰীৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতো ৰাজনৈতিক ভাৱে সৱল হোৱাৰ বাবেই সচিব প্ৰদীপ চমুৱাৰ ক্ষেত্ৰত নীৰৱ ভূমিকা ঢকুৱাখনা মহকুমা প্ৰশাসনৰ।