গোলাঘাটৰ দুটাকৈ জ্বলন্ত সমস্যা ড্ৰাগছ আৰু অবৈধ গৰু সৰবৰাহকাৰি সকলৰ পৰা মুক্ত কৰাবলৈ চলাই যাব চেষ্টা। 

 জিলা খনক অসাধু ড্ৰাগছ আৰু অবৈধ গৰু ব্যৱসায় নিৰ্মূল কৰা দিশত আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত সদৌ অসম সংখ্যা লঘূ ছাত্ৰ ইউনিয়ন। 

আজি সদৌ অসম সংখ্যা লঘূ ছাত্ৰ ইউনিয়ন গোলাঘাট জিলা সমিতিয়ে এক সংবাদমেল আয়োজন কৰি জিলা খনৰ দেৰগাঁও, কছাৰীহাট, ৰঙাজান, মেৰাপানী, নাউজান আদি অঞ্চলৰ অবৈধ গৰু সৰবৰাহ কৰি অহা অবৈধ গৰু ব্যৱসায়ী সকলৰ নামৰ তালিকা শীঘ্ৰেই প্ৰস্তুত কৰি আৰক্ষী প্ৰশাসনলৈ প্ৰেৰণ কৰা হব বুলি জানিব দিয়ে। লগতে ড্ৰাগছ আৰু গৰু সৰবৰাহকাৰি সকলক চিনাক্ত কৰি আৰক্ষীৰ সহযোগত চুঢ়ান্ত শাস্তি প্ৰদান কৰা পৰ্যন্ত এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব বুলি জানিব দিয়ে এই সংবাদমেলত।