ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম আৰু অসমৰ আদিবাসী সকল 

এইবাৰ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি শ্ৰী মতী দ্ৰোপদী মুৰ্ম হোৱাত মই প্ৰথমতে তেখেতক শ্ৰদ্ধা আৰু শুভেঁচছা নিবেদিছো ।বহুত দিনৰ পৰা মনত লুকুৱাই ৰখা কথা আজি ফেচবুকৰ বালত লিখি আনন্দ অনুভৱ কৰিছো । যেতিয়া মই কলেজত পঢ়িছিলে সেইসময়ত বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ আহোতে বাছ কেইটামান নিদিষ্ট সময়ত আহিছিল । 407 আৰু ডাঙৰ পুৰনা বাছত উঠা অনুভৱ সকলোৰে নিছয় আছে । ইয়াত মই উল্লেখ্ কৰিব বিছৰা কথাষাৰ এইটো যে বাছত আহোতে মোনাবাৰি, ৰটোৱা আদিত বহুত চাহ বাগানীয়া আদিবাসী সকলে বাছত উঠিছিল । বাছত তেওঁলোক উঠোতে বা তেখেত সকলক ভাড়া খোজোতে কন্ডাক্টৰ সকলৰ মাতত প্ৰায়েই ঐ তহত কত যাৱ, তহতে ভাড়া সোনকালে দে বুলি প্ৰত্যক্ষ “তই” শব্দৰে তাছিল্য কৰা দেখা পোৱা গৈছিল । যত গাড়ীৰ অন্য যাত্ৰীক তেখেতসকলে আপুনি সম্বোধনেৰে সম্বোধন কৰিছিল । সেই সময়ৰ পৰা আজিলৈকে আমি অসমৰ অন্য জাতিসকলক তেওঁলোকক প্ৰায় তই শব্দৰে কথা পতা বা তাছিল্য কৰা দেখা যায় । যত ভাৰতৰ সৰ্বশ্ৰেষ্ট মহিলা আজি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হল এতিয়া সমাজৰ মানসিকতাৰ এটি পৰিবৰ্তন আশা কৰিৱ পাৰি নে নোৱাৰি ই এটা জটিল প্ৰশ্ন । দেখা যায় অসমৰ বিভিন্ন জনজাতিৰ মাজত আটাইতকৈ বঞ্চিত, নিৰপেষিত আৰু শোষিত শ্ৰেনী হিচাপে তাহানিৰ পৰা বিবেচিত হৈ আছে । আজিও দেখা যায় অসমৰ প্ৰত্যক গাৱৰ সৰু আদিবাসী লৰাবোৰে গোৱাল গৰু চৰোৱা আদি কাম কৰি কামত নিয়োজিত হৈ থকা দেখা পোৱা যায় । সামগ্ৰীক অৰ্থত যদি আদিবাসী মহিলা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাত অসমৰ বিভিন্ন বাগানৰ সমুহৰ যি উঁতসাহ আৰু উদ্দীপনা দেখা গল তাৰ প্ৰতিক্ৰিয়া স্বৰুপে তেওঁলোকৰ জীৱনত কেনে পট পৰিৱৰ্তন হয় সেইটোহে বিচায্য হব আগন্তক দিনবোৰত । উল্লেখনীয় যে অসমৰ ভিতৰত আদিবাসীয়েই এনে জাতি যত আটাইতকৈ নিম্নস্তৰৰ মানদণ্ডৰে জীৱন যাপন কৰি আছে । এতি তথ্য মতে এতিয়াও অসমৰ চাহ বাগানীয়া আদিবাসী সকলক অসমৰ মুখ্য ধাৰাত অন্তৰ্নিহিত কৰিব পৰা নাই । তেওঁলোকক এতিয়াও সামগ্ৰীক ৰুপত প্ৰত্যক্ষ ক্ষেএত বঞ্চিত শ্ৰেনী ৰুপে পৰিচিত হৈ আছে ।

এতিয়া দ্ৰোপদী মুৰ্মু ৰাষ্ট্ৰপতি হোৱাৰ পাছত চাহ জনজাতিক “আদিবাসী ষ্টেটাছ” দিয়া হব নে নাই সেইটো লক্ষনীয় হৈ পৰিব যত আজি দহ বছৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে তেওঁলোকক “অনুসুচিত জনজাতি” স্বীকৃতি দিয়া নাই । চাহ আদিবাসী সকলৰ মাজত থকা প্ৰমুখ সমস্যা ভুমি অধিকাৰহীনতা বা ভুমিৰ তথ্য নথকা । অসমৰ প্ৰত্যক জনজাতিৰ মাজত আটাইতকৈ বেছি ভুমিহীন আৰু ভুমি পট্টা নথকা জাতি হিচাপে চিহ্নিত হৈছে । ভুমি অধিকাৰৰ পৰা বঞ্চিত হোৱাত ফলত শিক্ষা, নিয়োগ, স্বাস্হ্যৰ লেখিয়া অন্য স্বিধাৰ পৰা বঞ্চিত হবলগীয়া হৈছে । ভুমি বৰ্হিভুত জাতিৰ সংস্হাপনৰ ক্ষেএৰ চৰকাৰ আগৰ দিনত লবলগীয়া পদক্ষেপ বোৰ লক্ষনীয় হৈ পৰিব । দুখেৰে উল্লেখ কৰিবলগীয়া হৈছে যে সমগ্ৰ অসমৰ সাক্ষৰতাৰ হাৰ 72% মত বাগানৰ শিক্ষিতৰ হাৰ 46% হৈ আছে । আদিবাসী সকলত জীবনস্তৰ ইমানেই নিম্নগামী যে অসমৰ ডাযৰীয়া আৰু টিউবাৰ কুলছিছ(TB)জাতীয় বেমাৰত মৃত হোৱা বাগানৰ ৰিপোট উল্লেখ আছে ।

স্বাস্হ্যৰ শিতানত আজিও চাহ বাগানৰ শিশু মৃত্যুহাৰ(infant death)2011-13 চনত 300 হয় 1000 ভিতৰত যিটো সৰ্বভাৰতীয় স্তৰতকৈ দুগুন 167 হয় । আদিবাসী সকলৰ সাংবিধানিক অধিকাৰ জীৱন যাপনৰ অধিকাৰ, নিম্নতম মজুৰী, স্বাস্হ্য, পানী, খাদ্য আৰু গৃহ আদি প্ৰত্যক ক্ষেএত বঞ্চিত কৰা হৈছে । বাগানৰ মাজত এতিয়াও উত্তম গৃহ, বিদ্যুত সংযোগ, ভাল ৰাস্তা আদি নিৰ্মান হোৱা দেখা নাযায় । যদিও বিগত বহুত বছৰে পাই অহা চাবচিটি ৰেচনতো কৰ্তনে তেওঁলোকক যথেষ্ঠ অসুবিধা পোৱা দেখা যায় । বৰ্তমান সময়ত ভাৰতৰ বা অসমৰে প্ৰত্যক বাগানৰ মাজত মাদক দ্ৰব্য উপভোগৰ পৰিমান বেছি যাৰ ফলত বিভিন্ন সামাজিক সমস্যায়ে ভাৰাক্ৰান্ত কৰে । অসমৰ প্ৰায়বোৰ বাগানত ডাইনী হত্যা, অন্ধবিশ্বাস, মহিলা বিক্ৰি, শিশু বিক্ৰি আদি সমস্যায়ে নিশেষ কৰি পেলাইছে আৰু আমি এইবোৰ ঘটনা সঘনে বাতৰি কাকত দেখা পাওঁ । আজিও অসমৰ প্ৰায় গাওঁবোৰত আদিবাসী বাগানীয়া লৰাবোৰে গৰু গোবাল বা বনোৱা শ্ৰমিক ৰুপে মাতি থকা দেখা যায় । এটা কথা উল্লেখ নকৰি নোৱাৰিলো যে বাগানত এতিয়াও মেনেজাৰ বাবু সকলৰ যি আতংক তাত সামগ্ৰীক গনতান্তিক চেতনাৰ কমেই প্ৰচাৰ হয় । সেয়ে ভোটৰ সময়ত কম টকা পইচা, মদ আদিৰ প্ৰচলনে বাগান অঞ্চলত আটাইতকৈ বেছি । এটি অনুৰোধ প্ৰত্যক বাগান আঞ্চলৰ নেতা ছাএ-নেতা সকলক গনতান্তিক চেতনাৰে জনতাক পৰিপুষ্ট কৰিবলৈ আহ্ববান জনাঁও । বৰ্তমান অসমৰ চৰকাৰে বাগানৰ বিকাশৰ কাৰনে প্ৰায় 74 খন মান মডেল স্কুল নিৰ্মান কৰি এটি আশাৰ সকাৰ কৰিছে । কিন্ত বাগানৰ শ্ৰমিক ৰাজনীতিৰ ফলত শিশুসকলক স্কুলৰ প্ৰতি ধাউতি বা স্কুল নিয়মিয়াকৰনৰ প্ৰক্ৰিয়াও জোৰ দিয়াটো বাঞ্চনীয় । শ্ৰমিক নিয়মীয়াকৰন বানাচ সংকোচন ৰোধ, ST ষ্টেটাছ পোৱাটো সাংবিধানিক অধিকাৰ জন্য । বাগানৰ কেইটামান নেতা, ৰাজনৈতিক কাৰ্য্য কৰ্তাৰ জীৱনৰ মানদণ্ড উন্নত হোৱাটোৱেই এটি সামগ্ৰীক জাতিৰ উন্নতি নুৱুজায় । প্ৰত্যক জনজাতীয় নেতা সকলে জাতিৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰি মুলত জাতিৰ মুখ্য সমস্যা অনুসুচিত জাতিকৰন আৰু বুনিয়াদী সুবিধা প্ৰদানৰ নিশ্চয়তাও ধ্যান দিলে ইয়াৰ প্ৰতিফল পোৱা যাব । অন্তিম দ্ৰোপদী মুৰ্মুৰ ৰাষ্ট্ৰপতিৰ পাছত চাহজনজাতীয় সকলক প্ৰত্যক জনগোষ্টীয়ে তেওঁলোকক স্ব-সন্মান সহ ব্যৱহাৰ কৰি উন্নত জাতি হিচাপে নিজকে গন্য কৰাব । অন্তিমত তাহিৰ চাহৰ মন্তৰে সামৰিছো – “My Journey to the land of the tribe had taught me the importance at practical gifts of laugh”.