বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাতস্থিত গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত আজি বোকাখাত নাট্য মন্দিৰত আয়োজিত অনুষ্ঠান উপস্থিত থাকি ২৫২গৰাকী দিব্যাংগক ইউনিক পৰিচয় পত্র, গছপুলি, ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাই দিব্যাংগসকলক নিজ সন্তানৰ দৰে মৰম, শ্ৰদ্ধা কৰাৰ লগতে প্ৰতিটো কামত উৎসাহিত কৰি সন্মান সহকাৰে সমাজত জীয়াই থকাৰ প্ৰেৰণা দিব লাগে বুলি মন্তব্য কৰে।
এই বিতৰণ কাৰ্যসূচীৰ কাৰণে আয়োজিত সভাৰ আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্পৰ সঞ্চালক প্ৰণৱ বৰাই। সভাত ভাষণ প্ৰদান কৰে বোকাখাত মহকুমাধিপতি ডাঃ নেহা যাদৱ, বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক অপূৰ্ব কুমাৰ শৰ্মাই। বোকাখাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকনে শলাগ জ্ঞাপন কৰা সভাত সহকাৰী আয়ুক্ত পাপু গগৈ, ভিডিঅ পাৰ্থজিত গগৈ, বোকাখাত মহকুমা জনসংযোগ বিষয়া নীৰা ৰায় আদি উপস্থিত আছিল।