সোণাৰিৰ বৰহাটত ধুমুহাত বিধ্বস্ত ঘৰ পৰিদৰ্শন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট বাগিছাৰ বাসিন্দা ৰামু কুমাৰ বাসগৃহটো ধুমুহাই অলপ দিনৰ আগত বিস্তৰ ক্ষতিসাধন কৰাৰ পাছত আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোৰ ক্ষয়-ক্ষতি সন্দৰ্ভত বুজ লয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

     

       বিধায়কগৰাকীয়ে পৰিয়ালটিৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত বৰহাট মণ্ডলৰ সভাপতি কমল কুৰ্মী, সম্পাদক চন্দন সোনোৱাল, উপ সভানেত্ৰী ধন কুমাৰী তেলি, যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ কোঁৱৰ, চাহ মৰ্চাৰ বৰহাট মণ্ডলৰ সভাপতি কাৰ্টিক ওৰাং,সম্পাদক টিতু অৰিয়ান সোনা, চাহ মৰ্চাৰ সাপেখাটী মণ্ডলৰ সভাপতি তপন টুডু, যুৱ মৰ্চাৰ বৰহাট মণ্ডলৰ সম্পাদক ভাস্কৰ গগৈৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত আছিল।