চৰাইদেউ নিৰ্বাচনী জিলাত ১ আগষ্টৰ পৰা নতুন ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰু আধাৰ কাৰ্ডৰ তথ্য সংযোগ প্ৰক্ৰিয়া আৰম্ভ

সোণাৰি, ৩০ জুলাই: সমগ্র দেশৰ লগতে চৰাইদেউ নিৰ্বাচনী জিলাতো নতুন ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰু আধাৰ কাৰ্ডৰ তথ্য সংযোগ প্ৰক্ৰিয়া অহা ১ আগষ্টৰ পৰা আৰম্ভ কৰা হ'ব। আধাৰ তথ্য ভোটাৰ সকলে তেওঁলোকৰ EPIC ৰ সৈতে সংযুক্ত কৰিব পাৰিব। আধাৰ তথ্য সংযোগ কৰাৰ বাবে প্ৰয়োজনীয় ৬-খ প্ৰপত্ৰ NSVP পৰ্টেল বা ভোটাৰ হেল্পলাইন এপত উপলব্ধ। অধিক তথ্যৰ বাবে ভোটাৰ সকলে সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়াক বা উপায়ুক্ত কাৰ্যালয়ত স্থিত নিৰ্বাচন কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। 

ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা চাৰিটা ভিত্তি তাৰিখ ক্ৰমে ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে।

চৰাইদেউ জিলাৰ জিলা নিৰ্বাচন বিষয়া পল বৰুৱাই চৰাইদেউ নিৰ্বাচনী জিলাৰ সকলো ভোটাৰক ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই প্ৰক্ৰিয়াৰ যোগেদি ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্তকৰণ, কৰ্তন, স্থানান্তৰকৰণ অথবা শুধৰণি কৰিব পৰা যাব। এখন শুদ্ধ ভোটাৰ তালিকাৰ বাবে সকলো ভোটাৰৰ অংশগ্ৰহণ অপৰিহাৰ্য্য বুলিও তেওঁ মন্তব্য কৰে।