মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত প্ৰসুতি মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি।চিকিৎসকৰ গাফিলটিৰ অভিযোগ পৰিয়ালৰ।দৰঙৰ বড়িচৌকাতৰ চবিনা বেগম নামৰ মহিলা গৰাকীৰ মৃত্যু। ঘটনাৰ বিবৰণ অনুসৰি সোমবাৰে নিশাৰ ভাগত অস্ত্ৰোপচাৰৰ জৰিয়তে এটি পুত্ৰ সন্তান জন্ম দিয়ে প্ৰসুতি মাতৃ গৰাকীয়ে ৷ আজি পুৱা ডাক্তৰে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ পিচত নতুন বেজি লিখি দিয়ে ৷ নাৰ্চে বেজি দিয়াৰ পিচতেই মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰে ৷ 

মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত প্ৰায়ে সংঘটিত হৈ আহিছে এনে ঘটনা। এতিয়া পুলিচৰ সঠিক তদন্তত ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷