ৰাজ্যৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী ,গীতিকাৰ বিপিন চাউদাঙে বিভিন্ন সময়ত চলিত ধাৰাৰ পথা পৃথক আৰু সুকীয়াকৈ সংগীত সৃষ্টিৰ জৰিয়তে বিভিন্ন দিশত সুপ্ত অসমীয়া জাতিক জগাই তুলিবলৈ প্ৰয়াস কৰি আহিছে । কণ্ঠশিল্পী গৰাকীৰ শেহতীয়া গীত ডিস্ক' ডান্স ইতিমধ্যে ইউটিউবত মুক্তি পাইছে ।অসমতে ক্ৰমান্বয়ে এলাগী হৈ পৰা অসমীয়াৰ বাপতি সাহোন বিহুটিক উদ্ধাৰৰ চেষ্টাৰে আৰু বিহুটিৰ পূৰ্বৰ আদৰ ,উচাহ ঘূৰাই অনাৰ উদ্দেশ্য আগত ৰাখি গীতৰ কথা ৰচনা কৰিছে গীতিকাৰজনে । গীতিকাৰজনৰ ভাষাত প্ৰকাশ পাইছে -- ঢুলীয়া ককাইটিয়ে আজি ঢোলটো ধোঁৱাচাঙত তুলি দিলে,পেঁপুৱা ককাইটিয়ে পেঁপাটো বাকচত ভৰাই থ'লে । আওকলীয়া বিহু বুলি লাজতে বিহু নানাচে আজিৰ গাভৰুৱে ।ঢুলীয়া, পেঁপুৱা নোহোৱাকৈয়ে ড্ৰামচেট,গীতাৰ লগত লৈ বিহুমঞ্চত বিহু গাবলৈ যায় আজিৰ গায়ক ,ঢুলীয়াই ।আজিকালি ঢোল, পেঁপা,গগণাৰ মাতত অসমীয়া ডেকা-গাভৰুৰ গা-মন ৰাই-জাই নকৰে । সকলোৱে পশ্চিমীয়া বাদ্যযন্ত্ৰৰ মোহত আৱদ্ধ । হুঁচৰি নামাৰি আজিৰ অসমীয়া ব্ৰাডাৰ,চিষ্টাৰে ঢোল ,পেঁপা ,গগণা,সুতুলি বাদ দি ডি জে চাউণ্ড বক্সত ডিস্ক' ডান্স নাচিহে ভাল পোৱা হ'ল । সম্প্ৰতি বিহুৰ বতৰতো বিহুৱাৰ কান্ধত ফুলাম গামোচা ,নাচনীৰ দেহত মুগা সাজ যোৰৰ চাহিদা যেন কমি গ'ল ।বিহু, হুঁচৰি নাথাকিলে অসমীয়া জাতিৰ চিন নৰয়, কাৰণ বিহুটিয়েই হ'ল অসমীয়া জাতিৰ আয়ুসৰেখা । আজিৰ অসমীয়াই দূৰ্গাপূজা,চটপূজা,ব'লবম সকলো পাতে,অনা-অসমীয়া উৎসৱত সমনীয়াৰ সৈতে যিমান পাৰে সিমান নাচে,স্ফূৰ্তি কৰে ; কিন্তু বিহু নাচিবলৈহে লাজ আৰু এলাহ ।বহাগৰ বিহুটিত ঘৰ এৰি দূৰণিলৈ ফুৰিবলৈ যায়,মাঘৰ বিহুত ঠাণ্ডাৰ অজুহাতত সোনকালে শুই পৰে ,কাতিবিহুৰ বৰ এটা খবৰেই নাৰাখে আজিৰ অসমীয়াই ।
আজিকালি এনে বোধ হয়-- অসমৰ বাপতি সাহোন অসমীয়াৰ হিয়াৰ আমঠু চেনেহৰ ৰঙালী বিহুটি যেন ক'ৰবাত হেৰাল। চ'ত মাহৰ শেষৰেপৰাই প্ৰতিজন অসমীয়াৰ মনত আৰম্ভ হোৱা বিহুকেন্দ্ৰিক উৎকণ্ঠা আজি যেন হ্ৰাস পাইছে। সময়ৰ পৰিৱৰ্তনৰ সোঁতত বিহুৰ উচাহ ম্লান পৰিছে। বিহুটি আজি টিভিৰ পৰ্দা,শিল্পীয়ে জীয়াই ৰখা বিহুমঞ্চ আৰু বহুজাতিক কোম্পানীৰ বিজ্ঞাপনতে আবদ্ধ। বিহু বুলিলে আজিৰ শিক্ষিত অসমীয়া ডেকা-গাভৰুৰ মন ইচাট-বিচাট নকৰে। গাঁওবোৰত আগৰ দৰে ঐক্য-সম্প্ৰীতিও নোহোৱা হ'ল ।বিশ্বায়নৰ ধামখুমিয়াত গাঁওবোৰৰ সহজ-সৰল লোকসকলৰ মনতো যান্ত্ৰিকতা পোখালে ।গৰু বিহুৰ দিনাখন গৰুক গা-ধোৱাবলৈ গাঁৱৰ গোহালিত আজি গৰু নোহোৱা হ'ল । বিজ্ঞানসন্মতভাৱে কম সময়তে বেছিকৈ খেতি কৰিবলৈ গঞা লোকে গৰু বেচি ট্ৰেক্টৰ কিনিলে ।ফলত গৰু বিহুৰ পুৰণি মাদকতাও দিনে দিনে ম্লান পৰিবলৈ আৰম্ভ কৰিলে ।ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব,মিউজিকেলিত ব্যস্ত আধুনিক ডেকা-গাভৰুৱে বিহুত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি হুঁচৰি নোগোৱা হ'ল ।বিহুকেইদিনতো ঘৰে ঘৰে চোতালত হুঁচৰি দল দেখিবলৈ নোহোৱা হ'ল ।হুঁচৰি, জেংবিহু এইবোৰ বৰ্তমান বিহুমঞ্চতহে জীয়াই আছেগৈ ।অথচ কাহানিও প্ৰতিযোগিতা সৰ্বস্ব নাছিল অসমীয়াৰ জাতীয় উৎসৱ বিহু। আজিৰ গাভৰুহঁতে তাঁতশালত বহি চেনাইক দিবলৈ বিহুৱান নবয় । গাঁৱত ঢেঁকীৰ শব্দ শুনিবলৈ নোপোৱা অৱস্থা । পাকঘৰৰ সকলো পিঠা -পনা এতিয়া বজাৰত সহজলভ্য ।বহি:ৰাজ্যৰ পৰা অসমলৈ চালানী গামোচা আহিল ।বিহুৰ যেন বিশ্বায়ন ঘটিল ।অসমীয়া জাতিৰ আদৰৰ বিহুটি এতিয়া থাকিও নথকাৰ দৰে । গাঁৱে-ভূঞে আগৰদৰে হুঁচৰি নোহোৱা হ'ল ।বিহু গুচি 'ফাংচন'ৰ নাম পালে । পুৰণি বিহুগীতৰ ঠাই ল'লে ৰেপ্ ছং জাতীয় গানবোৰে । খিলঞ্জীয়া আৰু স্বাভিমানী অসমীয়া ৰাইজক বিহুটিৰ সাতামপুৰুষীয়া পৰম্পৰাক ৰক্ষা কৰা আৰু জীয়াই ৰখাৰ স্বাৰ্থত মাৰ বান্ধি ওলাই অহাৰ সময় সমাগত । নিজৰ সংস্কৃতিৰ প্ৰতি উদাসীন জাতিক জগাই তুলিবলৈ শিল্পী বিপিন চাউদাঙৰ পৰা এনেধৰণৰ বহুতো গীত আশা কৰে স্বাভিমানী আৰু খিলঞ্জীয়া অসমীয়াই ।